• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমানৱীয় : স্বামীয়ে দীৰ্ঘদিন শিকলিৰে বান্ধি থোৱা মহিলাক নৰক সদৃশ পৰিৱেশৰ পৰা উদ্ধাৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , October 27, 2018 12:33 pm

2 min read

IMG-20181027-WA0011

বোকাখাতৰ খতিয়াখলিত স্বামীয়ে দীৰ্ঘদিন শিকলি লগাই বান্ধি ৰখা পোনা দত্ত। ফটো : নৰ্থইষ্ট নাও

681
VIEWS
Share on FacebookShare on Twitter

বিশ্বত এতিয়া মনৱতা স্খলিত হৈছে।পৰিবৰ্ত্তিত হৈছে মানুহৰ আচৰণ। মানুহে মানুহৰ প্ৰতি কৰা আচৰণে সময়ে সময়ে স্তম্ভিত কৰি তুলিছে মানুহক। এনে এক অমানৱীয় ঘটনাই পুনৰ জোকাৰি গৈছে বোকাখাতৰ সচেতন সমাজক।বোকাখাত খতিয়াখলি গাঁৱৰ জিতেন দত্তৰ বাসগৃহত সংঘটিত এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

ঘটনা অনুসৰি জিতেন দত্ত নামৰ ব্যক্তিজনৰ পত্নী পানো দত্ত (৫৭) যোৱা প্রায় তিনি বছৰ ধৰি মানসিক বিকাৰগ্ৰস্ত হৈ আছে।পাৰিবাৰিক অশান্তিৰ বাবেই পোনা দত্ত মানসিক বিকাৰগ্ৰস্ত হয়। স্বামী জিতেন দত্তই পত্নী পোনা দত্তক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ফলত মানসিক বিকাৰগ্ৰস্ত হৈ পৰে পোনা দত্ত।

আনহাতে, পোনা দত্তক স্বামী জিতেন দত্ত আৰু পৰিয়ালৰ লোকে চিকিৎসা কৰাইছিল যদিও সুস্থ হৈ নুঠিল। ঘৰৰ পৰা য’লৈ ত’লৈ গুচি যায় কাৰণে স্বামীয়ে ভৰিত শিকলি লগাই ঘৰৰ বাহিৰত সাজি লোৱা গোহালী সদৃশ এটা ঘৰত তলত একো নথকা এখন কাঠৰ বিচনাত পেলাই থবলৈ লয়। ভৰিত শিকলি পিন্ধি এই গোহালি সদৃশ কোঠাতেই পানো দত্তই মৃত্যুৰ সৈতে যুঁজ আৰম্ভ কৰে।

জানিব পৰা মতে, জিতেন দত্তৰ আচৰণ আৰু কটু কথাৰ বাবে তেওঁৰ ঘৰলৈ প্ৰয়োজন নহ’লে প্ৰতিবেশীও নাযায়। দীৰ্ঘদিনৰ পাছত স্থানীয় একাংশ লোকে অমানৱীয় এই ঘটনাৰ বিষয়ে বোকাখাতৰ সাংবাদিকক অৱগত কৰে। সাংবাদিকসকলে অকলে জিতেন দত্তৰ ঘৰলৈ যোৱাটো উচিত নহ’ব বুলি ভাৱি বুধবাৰে বোকাখাতৰ মহকুমাধিপতিক বিষয়টো জনায়।

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে তাৎক্ষণিকভাৱে মহকুমা দণ্ডাধীশ শান্তনু গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল খতিয়াখলিৰ জিতেন দত্তৰ বাসগৃহলৈ প্ৰেৰণ কৰে। সাংবাদিকৰ উদ্যোগত দণ্ডাধীশ আৰু আৰক্ষীৰ দল জিতেন গগৈৰ ঘৰত উপস্থিত হৈ সমগ্র ঘটনা প্রত্যক্ষ কৰে।

এখন কাঠৰ বিচনাত অকল কাঠৰ ওপৰতে এক নৰক সদৃশ পৰিৱেশত পোনা দত্তক ৰখাৰ বাবে দণ্ডাধীশ গৰাকীৰ লগতে উপস্থিত সকলো ক্ষোভিত হৈ পৰে। মহকুমা দণ্ডাধীশ শান্তনু গগৈয়ে পোনা দত্তৰ স্বামী জিতেন দত্তক তৎকালে গা-পা ধোৱাই পোনা দত্তক ঘৰৰ ভিতৰলৈ নিয়াৰ নির্দেশ দিয়াৰ লগতে চিকিৎসা প্রদানৰ বাবেও নির্দেশ দিয়ে।

জিতেন দত্তৰ একমাত্র সন্তান আৰু বোৱাৰীয়েকে পোনা দত্তক কোনোধৰণৰ শুশ্ৰুষা নকৰে বুলিও স্থানীয় লোকে দণ্ডাধীশক জনায়।

ইপিনে, নিৰ্দেশ অমান্য কৰিলে জিতেন দত্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দণ্ডাধীশ গৰাকীয়ে অৱগত কৰে। দণ্ডাধীশৰ নির্দেশত জিতেন দত্তই পত্নী পোনা দত্তক গা-পা ধোৱাই ঘৰৰ ভিতৰলৈ নিয়ে আৰু চিকিৎসাও আৰম্ভ কৰে।
মানসিক বিকাৰগ্রস্ত হ’লেও নিজৰ স্বামী বা সন্তানে নিজৰ পত্নী বা মাতৃক কৰা এনে ব্যৱহাৰে জোকাৰি গৈছে বোকাখাতৰ সচেতন সমাজক৷ এই সমগ্ৰ ঘটনাত উদ্ধাৰকাৰীৰ ভূমিকা লোৱা বোকাখাতৰ সাংবাদিকক সকলোৱে প্ৰশংসাও কৰিছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd