• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমানৱীয় : স্বামীয়ে দীৰ্ঘদিন শিকলিৰে বান্ধি থোৱা মহিলাক নৰক সদৃশ পৰিৱেশৰ পৰা উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 27, 2018 12:33 pm
IMG-20181027-WA0011

বোকাখাতৰ খতিয়াখলিত স্বামীয়ে দীৰ্ঘদিন শিকলি লগাই বান্ধি ৰখা পোনা দত্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত এতিয়া মনৱতা স্খলিত হৈছে।পৰিবৰ্ত্তিত হৈছে মানুহৰ আচৰণ। মানুহে মানুহৰ প্ৰতি কৰা আচৰণে সময়ে সময়ে স্তম্ভিত কৰি তুলিছে মানুহক। এনে এক অমানৱীয় ঘটনাই পুনৰ জোকাৰি গৈছে বোকাখাতৰ সচেতন সমাজক।বোকাখাত খতিয়াখলি গাঁৱৰ জিতেন দত্তৰ বাসগৃহত সংঘটিত এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

ঘটনা অনুসৰি জিতেন দত্ত নামৰ ব্যক্তিজনৰ পত্নী পানো দত্ত (৫৭) যোৱা প্রায় তিনি বছৰ ধৰি মানসিক বিকাৰগ্ৰস্ত হৈ আছে।পাৰিবাৰিক অশান্তিৰ বাবেই পোনা দত্ত মানসিক বিকাৰগ্ৰস্ত হয়। স্বামী জিতেন দত্তই পত্নী পোনা দত্তক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ফলত মানসিক বিকাৰগ্ৰস্ত হৈ পৰে পোনা দত্ত।

Apply Now

আনহাতে, পোনা দত্তক স্বামী জিতেন দত্ত আৰু পৰিয়ালৰ লোকে চিকিৎসা কৰাইছিল যদিও সুস্থ হৈ নুঠিল। ঘৰৰ পৰা য’লৈ ত’লৈ গুচি যায় কাৰণে স্বামীয়ে ভৰিত শিকলি লগাই ঘৰৰ বাহিৰত সাজি লোৱা গোহালী সদৃশ এটা ঘৰত তলত একো নথকা এখন কাঠৰ বিচনাত পেলাই থবলৈ লয়। ভৰিত শিকলি পিন্ধি এই গোহালি সদৃশ কোঠাতেই পানো দত্তই মৃত্যুৰ সৈতে যুঁজ আৰম্ভ কৰে।

জানিব পৰা মতে, জিতেন দত্তৰ আচৰণ আৰু কটু কথাৰ বাবে তেওঁৰ ঘৰলৈ প্ৰয়োজন নহ’লে প্ৰতিবেশীও নাযায়। দীৰ্ঘদিনৰ পাছত স্থানীয় একাংশ লোকে অমানৱীয় এই ঘটনাৰ বিষয়ে বোকাখাতৰ সাংবাদিকক অৱগত কৰে। সাংবাদিকসকলে অকলে জিতেন দত্তৰ ঘৰলৈ যোৱাটো উচিত নহ’ব বুলি ভাৱি বুধবাৰে বোকাখাতৰ মহকুমাধিপতিক বিষয়টো জনায়।

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে তাৎক্ষণিকভাৱে মহকুমা দণ্ডাধীশ শান্তনু গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল খতিয়াখলিৰ জিতেন দত্তৰ বাসগৃহলৈ প্ৰেৰণ কৰে। সাংবাদিকৰ উদ্যোগত দণ্ডাধীশ আৰু আৰক্ষীৰ দল জিতেন গগৈৰ ঘৰত উপস্থিত হৈ সমগ্র ঘটনা প্রত্যক্ষ কৰে।

এখন কাঠৰ বিচনাত অকল কাঠৰ ওপৰতে এক নৰক সদৃশ পৰিৱেশত পোনা দত্তক ৰখাৰ বাবে দণ্ডাধীশ গৰাকীৰ লগতে উপস্থিত সকলো ক্ষোভিত হৈ পৰে। মহকুমা দণ্ডাধীশ শান্তনু গগৈয়ে পোনা দত্তৰ স্বামী জিতেন দত্তক তৎকালে গা-পা ধোৱাই পোনা দত্তক ঘৰৰ ভিতৰলৈ নিয়াৰ নির্দেশ দিয়াৰ লগতে চিকিৎসা প্রদানৰ বাবেও নির্দেশ দিয়ে।

জিতেন দত্তৰ একমাত্র সন্তান আৰু বোৱাৰীয়েকে পোনা দত্তক কোনোধৰণৰ শুশ্ৰুষা নকৰে বুলিও স্থানীয় লোকে দণ্ডাধীশক জনায়।

ইপিনে, নিৰ্দেশ অমান্য কৰিলে জিতেন দত্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দণ্ডাধীশ গৰাকীয়ে অৱগত কৰে। দণ্ডাধীশৰ নির্দেশত জিতেন দত্তই পত্নী পোনা দত্তক গা-পা ধোৱাই ঘৰৰ ভিতৰলৈ নিয়ে আৰু চিকিৎসাও আৰম্ভ কৰে।
মানসিক বিকাৰগ্রস্ত হ’লেও নিজৰ স্বামী বা সন্তানে নিজৰ পত্নী বা মাতৃক কৰা এনে ব্যৱহাৰে জোকাৰি গৈছে বোকাখাতৰ সচেতন সমাজক৷ এই সমগ্ৰ ঘটনাত উদ্ধাৰকাৰীৰ ভূমিকা লোৱা বোকাখাতৰ সাংবাদিকক সকলোৱে প্ৰশংসাও কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd