NORTHEAST NOW (Assamese)

মহানগৰীৰ আৰ্য্য হাস্পাতালৰ চিকিৎসক ডাঃ বুলেন ফুকন ক’ভিড-১৯ত আক্ৰান্ত

June 9, 2020 1:16 pm · কল্পজ্যোতি শইকীয়া
ক’ভিড-১৯ত আক্ৰান্ত চিকিৎসক বুলেন ফুকন

মহানগৰীৰ আৰ্য্য হাস্পতালৰ চিকিৎসক ডাঃ বুলেন ফুকন ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ক’ভিড টেষ্ট পজিটিভ আহে চিকিৎসকজনৰ।

বৰ্তমান তেওঁ মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (MMCH) ত চিকিৎসাধীন হৈ আছে। কেইদিনমানৰ পৰা সামান্য জ্বৰ হৈ আছিল ফুকনৰ।

আমিৰ লাল যাদৱ নামৰ ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিয়েই আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে MMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

শৰ্মাই সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি চিকিৎসক ফুকনে ক’ৰ’না ৰোগীৰ স্বাৱ টেষ্ট কৰাৰ সময়ত PPE কীট পৰিধান কৰা নাছিল।

অৱশ্যে বৰ্তমান চিকিৎসক বুলেন ফুকনৰ অৱস্থা সুস্থ আৰু জ্বৰ নাই বুলি জনাইছে ডাঃ শৰ্মাই।

চিকিৎসক ফুকনৰ পত্নীও জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।

আজি তেওঁৰো স্বাব টেষ্ট কৰে স্বাস্থ্য বিভাগে।

ইতিমধ্যে, চিকিৎসক গৰাকীয়ে বসবাস কৰা খ্ৰীষ্টানবস্তিস্থিত অমৰাৱতী পেলেছ এপাৰ্টমেণ্ট কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Related News