আৰক্ষীৰ আততায়ী ৰূপ

নগাঁৱত এজন নিৰীহ যুৱনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাই স্বাভাৱিকতে স্থানীয় তথা অসমৰ ৰাইজক বিচলিত কৰিছে। এনেদৰে জধেমধে যাকে-তাকে আৰক্ষীয়ে গুলীওৱাৰ অধিকাৰ পাই গ’লে ৰাইজৰ জীৱনৰ নিৰাপত্তা সমূলি নস্যাৎ কৰা হব। ঘটনাটো নি:সন্দেহে অতি উদ্বেগজনক।

ৰাইজৰ মনত থাকিব পায় যে কিছুকাল পূৰ্বে ড্ৰাগছ অপৰাধীক এনেদৰে আৰক্ষীয়ে সামান্য চেলুতে গুলীয়াই হতাহত কৰাৰ খবৰ ওলাওঁতেই মই তাক এক বিপদ-সংকেত বুলি তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ। কালে উত্তৰ প্ৰদেশৰ দুৰ্দান্ত বিজেপি মুখ্যমন্ত্ৰী আদিত্যনাথৰ প্ৰশ্ৰয়ত তাৰ আৰক্ষীয়ে দাগী অপৰাধীক গ্ৰেপ্তাৰ নকৰি হত্যা কৰাৰ ৰেৱাজ আৰম্ভ কৰি অপৰাধীৰ লগতে সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছিল। আজিৰ দিনত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ বেপৰোৱা নিৰ্মম আচৰণ ইমান জনাজাত যে স্বয়ং ন্যায়ালয়েই তাৰ আৰক্ষীৰ ভূমিকাক কেবাবাৰো ধিক্কাৰ দিছে। অসম আৰক্ষীয়ে ৰাজনৈতিক নেতাৰ প্ৰশ্ৰয়ত একে ভূমিকা গ্ৰহণ কৰিলে অসমতো আইন-শৃংখলাৰ নামত গুণ্ডামি চলিব।

ভাৰতৰ সংবিধান অনুযায়ী প্ৰতিজন নাগৰিকৰ জীৱনৰ মূল্য আৰু ন্যায়সংগত বিচাৰ অবিহনে কাৰো জীৱন বিঘ্নিত বা নাশ কৰাৰ অধিকাৰ কোনো চৰকাৰী কৰ্তৃপক্ষৰ নাই।

এই আসুৰিক ৰীতি এটা উদ্দেশ্যেৰেই প্ৰচলন কৰা হব পাৰে। সেইটো হৈছে চাৰিওপিনে আৰক্ষীয়েই ৰাজনৈতিক নেতৃত্বৰ ইচ্ছা অনুযায়ী সাধাৰণ নাগৰিকৰ মনত ত্ৰাস আৰু শংকাৰ ভাব জগাই তোলা আৰু তাৰ দ্বাৰা ৰাইজৰ বাক্ স্বাধীনতা, সভা-সমিতি পাতি প্ৰতিবাদ কৰাৰ স্বাধীনতা, মুকলিমুৰীয়াকৈ ঘুৰি ফুৰাৰ স্বাধীনতা ৰহিত কৰা।

গণতন্ত্ৰ আৰু স্বাধীনতা ভাল পোৱা ৰাইজৰ সজাগতা আৰু বিৰোধিতা অবিহনে পুলিচৰ দ্বাৰা চৰকাৰী গুণ্ডাৰাজ প্ৰতিষ্ঠাৰ এই আয়োজন বন্ধ নহব।

এতিয়া অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা ঘটনাৰ তদন্ত কৰি সাত দিনত প্ৰতিবেদন দিয়াৰ নিৰ্দেশ দিয়া হৈছে। অত্যন্ত বিতৰ্কাধীন আৰু সন্দেহজনক দিশ হৈছে আহত ছাত্ৰনেতাজনক ড্ৰাগছ ব্যৱসায়ত জড়িত বুলি পুলিচে দাবী কৰা ঘটনাটো। খবৰটো প্ৰথমে কাকতত প্ৰকাশিত হোৱা সময়ত কিন্তু পুলিচে এই কথা কোৱা নাছিল। তাৰ দুদিন পাছতহে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এই কথা পুলিচে সদৰী কৰিছে। আহত ছাত্ৰজনে এই অভিযোগ পুলিচৰ অভিসন্ধি বুলি অভিযোগ কৰিছে। চিন্তাৰ কথা যে অনিমেষ ভূঞাৰ হত্যাকাৰীৰ ‘দুৰ্ঘটনাত মৃত্যু’ৰ দৰে এই অভিযোগৰো একমাত্ৰ সাক্ষী পুলিচেই। তদন্ত যাতে ভেকো-ভাওনা নহয়, লক্ষ্য ৰাখিব লাগিব।

প্রব্রজন সম্বন্ধে মুখ্যমন্ত্রীৰ নিবন্ধ

নিজৰ অপৰিসীম ব্যস্ততাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দুখন কাকতত নিজৰ এটা দীঘলীয়া প্ৰবন্ধ প্ৰকাশ কৰিছে। বিষয় স্বাধীনতাৰ পূৰ্বৰ দশকত পূৰ্ববংগৰ পৰা অসমলৈ বোৱা প্ৰবল প্ৰব্ৰজনৰ ধল, যি অসমৰ থলুৱা ৰাইজক অতি শংকিত কৰিছিল।

সেইটো আজি চৌসত্তৰ (৭৪) বছৰতকৈও আগৰ কথা। আজি তাকে লৈ মুখ্যমন্ত্ৰীয়ে ইমান হৈ-চৈ লগাইছে কিয়? অবৈধ প্ৰব্ৰজনকাৰী আৰু প্ৰকৃত নাগৰিক চিনি উলিয়াব পৰা চূড়ান্ত দলিল NRC খন ৰাজ্য চৰকাৰে তৎপৰতাৰে গ্ৰহণ নকৰাকৈ পেলাই থৈছে। অথচ উচ্চতম ন্যায়ালয়ে এইখন ত্ৰুটিহীন বুলি কাহানিবাই মত প্ৰকাশ কৰিলে। সেইটো কৰিলে অবৈধ প্ৰব্ৰজনৰ বিপদ দূৰ হ’লহেতেন।

 

সন্দেহ নাই যে প্ৰব্ৰজনকাৰী মূলৰ মুছলমানৰ বিৰুদ্ধে তথা মুছলমানৰ বিৰুদ্ধে এটা ঘোৰ সন্দেহ আৰু শংকাৰ ভাব অসমত জীয়াই ৰখা ইয়াৰ উদ্দেশ্য। এই কৃত্ৰিম ভাবাবেগৰ গইনা লৈ মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰে ভবিষ্যতে অমানবীয় উচ্ছেদ কাৰ্য্যৰ উপৰি আন বিভেদমূলক আৰু মুশ্লিমবিৰোধী পদক্ষেপ গ্ৰহণ কৰাৰ আশংকা ব্যাপক।

হিন্দুত্বৰ অভিযান

বোকাখাতৰ সজীৱ সংগঠন ‘’জীপাল’’ৰ নেতা সোনেশ্বৰ নৰহে দুটা আমোদজনক কিন্তু উদ্বেগজনক ঘটনাৰ কথা আমাক জনাইছে।

বোকাখাতৰ ‘’বিদ্যাভাৰতী’’ তথা আৰএছএছৰ দ্বাৰা পৰিচালিত ‘’শংকৰদেৱ শিশু নিকেতন’’ৰ ৰূপালী জয়ন্তী উপলক্ষে এখন ৰাজহুৱা সভা বিদ্যালয়খনত অনুষ্ঠিত কৰা হৈছিল। তালৈ নিমন্ত্ৰিত হোৱা দুজন ভদ্ৰলোকে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ মাইকত ঘোষণা কৰা শুনিলেঃ ‘’এতিয়া সমূহীয়া প্ৰাৰ্থনা আৰু গো-মূত্ৰ পান!’’ দুয়োজন ভদ্ৰলোক কোনো উগ্ৰ সংঘবিৰোধী মানুহ নাছিল। কিন্তু গৰুৰ মূত পান কৰিব লাগিব বুলি শুনি দুয়োৰে পিলাই চমকি গ’ল। দুয়ো উভতি ঘৰমুৱা হ’ল। কোৱা বাহুল্য যে গৰুৰ মূতৰ ৰোগনিৰাময়কাৰী কোনো গুণ বৈজ্ঞানিক পৰীক্ষাত নিৰ্ণীত হোৱা নাই। আমি জনা মতে আয়ুৰ্বেদৰ মূল শাস্ত্ৰ ‘’চৰক সংহিতা’’তো তেনে গুণ উল্লেখ কৰা হোৱা নাই।

আৰু এক তাৎপৰ্যপূৰ্ণ ঘটনা এয়ে যে বোকাখাত নাট্যমন্দিৰৰ বিবাহ-ভৱন এক মুছলমান পৰিয়ালে আগতীয়াকৈ যথাবিধি ভাড়া (book)কৰিছিল যাবতীয় ধন জমা দি। কথাটো গম পাই স্থানীয় আৰএছএছ কৰ্মী বিলাকে প্ৰবল হেঁচা প্ৰয়োগ কৰি বিবাহ-অনুষ্ঠানৰ মাত্ৰ এসপ্তাহ পূৰ্বে তাত বিবাহ-অনুষ্ঠান নিষিদ্ধ কৰা হয়। নাট্যমন্দিৰৰ অসাম্প্ৰদায়িক পৰিচালনা সমিতিয়ে বহু চেষ্টা কৰিও কিবা বিকল্প উপায় উলিয়াব নোৱাৰি বিবাহ-অনুষ্ঠানৰ তিনিদিন আগতে উক্ত মুছলমান পৰিয়ালৰ আগত দুখ প্ৰকাশ কৰে। হয়তো এনে দিন আহিব ধৰিছে যে ঘৰৰ পৰা ওলাবলৈকো মুছলমান মানুহে অনুমতি ল’ব লাগিব।

ভাৰতৰ সংঘীয় চৰিত্ৰ লোপৰ ষড়যন্ত্ৰ

মই আৰএছএছৰ সংঘীয় চৰিত্ৰৰ কথা ক’ব ওলোৱা নাই। সেই ধৰণৰ ‘’সংঘীয়’’ চৰিত্ৰ হৈছে ভাৰতৰ আঞ্চলিক সকলো বিভিন্নতা আৰু বৈচিত্ৰ্য একাকাৰ কৰি একেটা সাঁচত সকলোকে ঢালাই কৰা চৰিত্ৰ।

মই কৈছোঁ আমাৰ পবিত্ৰ সংবিধানত থকা (যি সংবিধানক বিজেপিৰ শীৰ্ষ নেতা তথা নায়কে ‘’ধৰ্মশাস্ত্ৰ’’ৰ দৰে মানিব বুলি মিছা শপত খাইছিল) সংঘীয় (federal) চৰিত্ৰ কথা। ইয়াৰ তাৎপৰ্য্য হৈছে যে ভাৰতৰ সমাজ-সংস্কৃতিৰ বিবিধতা অনুযায়ী গঠন কৰা বিভিন্ন ৰাজ্যৰ স্বতন্ত্ৰ চৰিত্ৰ, প্ৰয়োজন আৰু দাবীক সন্মান কৰা। ভাৰত হৈছে সংবিধান অনুযায়ী ‘’a union of States’’- সমূহ ৰাজ্যৰ সন্মিলিত ৰূপ। ইয়াত ‘ঐক্য’ গঠিত হৈছে বিভিন্নতাৰ ভিত্তিত।

ইতিমধ্যে কেৱলমাত্ৰ ক্ষমতাৰ প্ৰয়োজনত কংগ্ৰেছৰ দিনতে এই বিবিধতা বিভিন্ন ধৰণে ক্ষুন্ন কৰা আৰম্ভ হৈছিল। কিন্তু সেই ক্ষেত্ৰত কংগ্ৰেছ কুন্ঠিত আছিল আৰু তাৰ বাবে নানা চাফাই গাইছিল। কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰে বিশেষ প্ৰয়োজন অবিহনে কেৱল কেন্দ্ৰৰ ক্ষমতা বৃদ্ধিৰ হুতাহত নিৰ্বিবাদে, নিৰ্বিচাৰে, আসুৰিক দৌৰাত্ম্যৰে ৰাজ্যসমূহৰ সকলো ক্ষমতা লোপ কৰিবলৈ উঠি পৰি লাগিছে। মতলব সকলো ৰাজ্যতে কেন্দ্ৰৰ একচ্ছত্ৰী ক্ষমতা প্ৰতিষ্ঠা কৰা। ৰাজ্যৰ লগত মিলিজুলি আলোচনা কৰি (Consultation) আগবঢ়াতকৈ ওপৰৰ পৰা ৰাজ্যত হুকুম জাৰি কৰি ৰাজ্য চলোৱা। কোৱা বাহুল্য যে ইয়াৰ ফলত ৰাজ্য পৰিণত হয় স্বতন্ত্ৰতাহীন ভূখণ্ডত, আৰু ৰাজ্য চৰকাৰ সাক্ষীগোপালত। সেইটো লুকুৱাবলৈকে বিজেপি শাসিত ৰাজ্যত নানা ধৰণৰ অনুষ্ঠান আৰু প্ৰচাৰ চলি থাকে। গোপনে প্ৰসাৰিত কৰা হয় আৰ-এছ-এছৰ ভয়ংকৰ কাৰ্যসূচী।

সম্প্ৰতি তাৰ এক নিদৰ্শন হৈছে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰবোৰে প্ৰদৰ্শন কৰিব খোজা সজীৱ মূৰ্ত্ত নক্সা (tableau)বোৰ কোনো কাৰণ নেদেখুৱাকৈ নাকচ কৰা। অৰ্থাৎ ৰাজ্য চৰকাৰে নিজ বিবেচনা মতে দেখুৱাব খোজা নক্সাবোৰ কেন্দ্ৰৰ ইচ্ছাধীন কৰি পেলোৱা । পশ্চিমবংগই দেশৰ স্বাধীনতা সংগ্ৰামত ক্ষুদিৰাম –বাঘা যতীনৰ পৰা আৰম্ভ কৰি দিয়া গৌৰৱময় অৱদানৰ নক্সা কেন্দ্ৰই অকাৰণতে নাকচ কৰিছে। এইবোৰ সঁচাকৈয়ে চৰম স্বেচ্ছাচাৰিতাই নহয়, ভাৰতৰ ৰাষ্ট্ৰৰ ৰূপটোক ভৰিৰে গচকি পেলোৱা।

শেহতীয়া উদাহৰণ হৈছে ৰাজ্যত থকা আই এ এছ বিষয়াবিলাকক কেন্দ্ৰৰ ইচ্ছানুযায়ী বদলি কৰিব পৰা ক্ষমতা আইন সংশোধন কৰি আয়ত্ত কৰাৰ উদাহৰণ। কোনো ৰাজ্যত কৰ্মতৎপৰতা আৰু কৰ্তব্যনিষ্ঠাৰে ৰাইজ আৰু চৰকাৰৰ আস্থাভাজন হৈ উঠা আই এ এছ বিষয়াক এতিয়া কেন্দ্ৰৰ খেয়ালমতে ৰাজ্যৰ পৰা দূৰলৈ বদলি কৰাৰ আৰু তাৰ ঠাইত কেৱল কেন্দ্ৰ আৰু আৰ-এছ-এছৰ আস্থাভাজন আই এ এছ বিষয়াক পদস্থ কৰাৰ এই পৰিকল্পনা একচ্ছত্ৰী ক্ষমতা লিপ্সাৰ প্ৰমাণ মাত্ৰ।

গণহত্যা কলংকত ভাৰত

প্ৰধানমন্ত্ৰী আৰু তেওঁৰ অনুচৰসকলে আটাহ পাৰি আপত্তি কৰিছে যে বিদেশত ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰাৰ ব্যাপক অপচেষ্টা চলিছে। তেনে ধৰণৰ ভিত্তিহীন কিবা প্ৰচাৰ হ’লে  চৰকাৰে তাৰ বিৰুদ্ধে দেশৰ বাহিৰতো যথাবিধি ব্যৱস্থা ল’ব পাৰে। তাকে নকৰি এনে চেৰৌ-ফেৰৌ কৰাৰ কাৰণ কি? আমাৰ দেশতে ২০০২চনত গুজৰাটত আৰু তাৰ পূৰ্বে ১৯৪৬চনত এনে গণহত্যা হৈছিল। ভাৰতত এনে ঘটনা আকৌ হব নোৱাৰে বুলি দাবী কৰাৰ যুক্তি নাই। আমাৰ দেশতে এনে বহু উদ্বেগজনক ঘটনা ঘটিছে- যেনে ২০২০ চনত ৩৬জন মুছলমান আৰু ১৫জন হিন্দু নিহত হোৱা সাম্প্ৰদায়িক সংঘাত, যি ঘটনা মুশ্লিম জনতাই আৰম্ভ কৰাৰ অভিযোগ ন্যায়ালয়ৰ সাম্প্ৰতিক ৰায়বোৰে নাকচ কৰিছে। (আৰক্ষীয়ে সংঘৰ্ষ লগোৱা বুলি গ্ৰেপ্তাৰ কৰি অভিযুক্ত কৰাসকলক এজন এজনকৈ ন্যায়ালয়ে মুক্তি দিছে।) তদুপৰি, দেশত সংগঠিত ৰূপত আৰু ব্যাপক ভাবে এনে মুশ্লিম বিৰোধী প্ৰচাৰ আৰু প্ৰৰোচনা চলোৱা হৈছে যে গণহত্যা নহবই বুলি প্ৰত্যয়েৰে ক’ব পৰা অৱস্থা নাই এতিয়া।

অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে কৰন থাপাৰে লোৱা এটা সাক্ষাৎকাৰত Genocide Watch (গণহত্যা নিৰীক্ষণ) নামৰ এক খ্যাতনামা প্ৰতিস্থানৰ সঞ্চালক গ্ৰে’গৰি ষ্টন্টনে (Gregory Stanton) জনাইছে যে তেওঁ নিৰ্দিষ্ট প্ৰমানসহ পূৰ্বানুমান কৰিছে যে ভাৰতত ভয়াবহ গণহত্যা হোৱাৰ সম্ভাৱনা প্ৰবল। তেওঁ বিষয়টো মাৰ্কিন সংসদত উত্থাপন কৰিব বুলিও ঘোষণা কৰিছে।

গণহত্যা কেতিয়াও আকস্মিক নহয়। তাৰ অন্তৰালত কিছুমান সংগঠনৰ কাৰ্য্যকলাপ থকা নিশ্চিত। গণহত্যাৰ পূৰ্বে নানা প্ৰচাৰ, প্ৰৰোচনা আৰু ঘটনা সংঘটিত হয়। কিছু কাল ধৰি, যাৰ আলম লৈ নিশ্চিতভাবে গণহত্যাৰ সম্ভৱনা সম্পৰ্কে নিশ্চিত পূৰ্বানুমান কৰিব পাৰি।

উল্লেখযোগ্য যে এফ্ৰিকাৰ ৰুৱাণ্ডাত ভয়াবহ গণনিধনত এক বিশেষ জনজাতিৰ(টুট্ছি) পাঁচ লাখৰ পৰা আঠ লাখলৈ মানুহৰ জীৱন ১৯৯৪চনত এশদিন ধৰি সংহাৰ কৰা হৈছিল। গ্ৰে’গৰি ষ্টে’ন্টনৰ Genocide Watch এ তাৰ পাঁচবছৰ পূৰ্বেই তাৰ স্পষ্ট পূৰ্বানুমান কৰি সতৰ্কবাণী শুনাইছিল।

এই প্ৰসংগতে গ্ৰে’গৰি ষ্টে’ন্টনে বিস্ময় প্ৰকাশ কৰিছিল যে হৰিদ্বাৰৰ তথাকথিত ‘’ধৰম সংসদ’’ত কেইজনমান সাধু-সন্যাসীয়ে এতিয়া দেশত মুছলমান নিধনৰ বাবে সকলোৱে অস্ত্ৰ ধাৰণ কৰিব লাগিব বুলি অতি ভয়ংকৰ আহ্বান দিয়াৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰীজনে অবিৰত নীৰৱতা অৱলম্বন কৰিছে। অৰ্থাৎ ইংগিত দিয়া হৈছে যে তেওঁ যেন গণহত্যাৰ পৰিৱেশ হবলৈ দিছে।