বৃহস্পতিবাৰৰ দিনা নিশা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, অৰ্থনীতিবিদ ডঃ মনমোহন সিঙৰ দেহাৱসান ঘটে। মৃত্যু এটা স্বাভাবিক, অৱশ্যম্ভাৱী প্ৰক্ৰিয়া। মনমোহন সিঙৰ বয়সো হৈছিল যথেষ্ট। তথাপি, কিয় জানো তেখেতৰ মৃত্যুত মই এক গভীৰ বিষাদ অনুভৱ কৰিছোঁ। তেখেত এজন অৰ্থনীতিবিদ,আমোলা আৰু ৰাজনীতিক আছিল। তেখেত ১৯৭০ ৰ দশকৰ পৰাই চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ দেশৰ অৰ্থনৈতিক নীতি নিৰ্দ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
সেই প্ৰক্ৰিয়াৰ যোগেদি গৈয়ে দুবাৰকৈ তেখেত ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল। আগতে, ডঃ মনমোহন সিঙৰ কথা ভাবিলেই মোৰ মনলৈ এখন ছৱি আহে। সেয়া ২০০৪ চনৰ নিৰ্বাচনৰ পিছৰ কথা। কংগ্ৰেছে চৰকাৰ গঠন কৰা অৱস্থালৈ আহিছে। কিন্তু কোন হ’ব প্ৰধান মন্ত্ৰী? ছোনীয়া গান্ধী? বিজেপিৰ সুষমা স্বৰাজে হুংকাৰ দিছে বিদেশী মূলৰ ছোনীয়া গান্ধী প্ৰধান মন্ত্ৰী হ’লে তেওঁ মুণ্ডণ কৰিব। চাৰিওফালে এক অনিশ্চয়তা। কংগ্ৰেছ সংসদীয় দলৰ বৈঠক বহিছে। বোধহয় কোনোবা সাংবাদিকে কিবা এটা খবৰৰ গোন্ধ পাইছিল।তেওঁলোকৰ এজনে ডঃ মনমোহন সিং প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী নেকি বুলি তেওঁক প্ৰশ্ন কৰিছিল। মনমোহন সিঙে, তেওঁ সাধাৰণতে নকৰা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচাৎ মাৰি সাংবাদিকজনৰ ওচৰৰ পৰা আঁতৰি গৈছিল। তাৰ অলপ পিছতে ছোনীয়া গান্ধীয়ে নিজৰ বিবেকৰ বাণীৰ কথা কৈ প্ৰধান মন্ত্ৰী পদৰ বাবে ডঃ মনমোহন সিঙৰ নাম প্ৰস্তাৱ কৰিছিল।
মই পুণাৰ হোটলত বহি টিভিত সেই ঘটনাৰ আলেখ-লেখ চাই আছিলোঁ। কিন্তু পিছত নীৰজা চৌধুৰীৰ How Prime Ministers Decide পঢ়িহে গম পাইছিলোঁ যে ৰাহুল গান্ধীৰ বাধাৰ বাবেই ছোনীয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। মনমোহন সিং ২০০৪ পৰা ২০১৪লৈ ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ আছিল। তাৰ আগতে আমি ১৯৯১ৰ বিষয়ে আলোচনা কৰিব লাগিব। নৰসিংহ ৰাও ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থাকোঁতে মনমোহন সিঙে তেওঁৰ মন্ত্ৰী সভাৰ বিত্ত মন্ত্ৰী হিচাপে ১৯৯১ চনত ভাৰতত মুক্ত অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তন কৰিছিল। বিত্ত মন্ত্ৰী হিচাপে সদনত দিয়া প্ৰথমটো বক্তৃতাত তেওঁ ভিক্তৰ হিগোৰ উদ্ধৃতি দি কৈছিল “no power on Earth can stop an idea whose time has come” অৰ্থাৎ ভাৰতক মুক্ত অৰ্থনীতিৰ পৰা এতিয়া কোনেও বচাব নোৱাৰে। এই প্ৰসংগত মোৰ আকৌ ইংৰাজ ঔপন্যাসিক Charles Dickensৰ বিখ্যাত উপন্যাস ‘A Tale of Two Cities’ৰ আৰম্ভণিৰ কথাখিনিলৈ মনত পৰেঃ “It was the best of times, it was the worst of times, it was the age of wisdom, it was the age of foolishness, it was the epoch of belief, it was the epoch of incredulity, it was the season of light, it was the season of darkness, it was the spring of hope, it was the winter of despair.” কিয়?
সেইটো আছিল ১৭৮৭ পৰা ১৭৯৯লৈ ফৰাচী বিপ্লৱৰ সময়। আশা আৰু নিৰাশাৰ সময়। ঠিক একেদৰে ভাৰতত মনমোহন সিঙে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰিছিল ১৯৯১ চনত। সেয়া আছিল একে সময়তে বিকাশ আৰু সংকোচনৰ সময়। বোধহয় ২০০০ চনত সমগ্ৰ ভাৰতৰ আকাশ বিকাশে পোহৰ কৰি তুলিছিল। তেতিয়াই ৰাজহুৱা খণ্ড আৰু চৰকাৰী খণ্ডত কাম কৰা লাখ লাখ মানুহৰ দৰমহা অভাবনীয়ভাবে বৃদ্ধি কৰা হৈছিল। ইমানদিনে চৰকাৰৰ নিয়ন্ত্ৰণত থকা অৰ্থনীতি মুক্ত হৈ পৰাত চাৰিওফালে নতুন উদ্যম আৰু উদ্যোগ দেখা গৈছিল। তথ্য- প্ৰযুক্তিৰ বিস্ফোৰণ হৈছিল। আচলতে ভাৰততে নহয় সেই সময়টো আছিল বিশ্বায়নৰ সময়। তেতিয়াই জচেফ স্তিগলিজে ‘The Roaring Nineties’ লিখিছিল। গতিকে নবৈৰ দশকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি মনমোহন সিঙক কৃতিত্ব দিবই লাগিব। এটা সময় একো একোজন মানুহৰ দ্বাৰা ভাস্বত হৈ উঠে।
বোধহয় ভাৰতৰ নব্বৈৰ দশকৰ প্ৰতিনিধি আছিল মনোমহন সিং। মনমোহন সিং অৰ্থনৈতিক সংস্কাৰৰ অন্ধকাৰ দিশটো সম্পৰ্কেও অবহিত নাছিল তেনে নহয়। সেইকাৰণেই তেওঁ প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছ মুহূৰ্ততে economic reform with a human faceৰ কথা কৈছিল। তেওঁ কিয় মানবীয় মুখৰ অৰ্থনৈতিক সংস্কাৰৰ কথা কৈছিল? অৰ্থনৈতিক সংস্কাৰে যে সকলোৰে কাৰণে সমানে অৰ্থনৈতিক সম্বৃদ্ধি নানে তেওঁ সেইটো জানিছিল। কিন্তু দেশৰ সৰ্বসাধাৰণ লোকো চলিব লাগিব। কৰ্ম সংস্থান, শিক্ষা, আৰু স্বাস্থ্যৰ নিৰাপত্তা তেওঁলোককো লাগিব। সেয়ে, তেওঁ নিয়োগৰ নিৰপত্তাৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫, শিক্ষাৰ কাৰণে শিক্ষাৰ অধিকাৰ আইন,২০০৯, আৰু স্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান,২০০৫ প্ৰৱৰ্তন কৰিছিল। তদুপৰি প্ৰশাসনত স্বচ্ছতা আনিবলৈ তেওঁৰ দিনতে তথ্য জনাৰ অধিকাৰ,২০০৫ আইন প্ৰৱৰ্তন কৰিছিল।
কিন্তু এইবোৰৰ লগত অন্য এটা কথাও জড়িত হৈ আছিল। ছোনীয়া গান্ধী প্ৰধানমন্ত্ৰী নহ’লেও মনমোহন সিং চৰকাৰ গঠন হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সভাই ছোনীয়া গান্ধীৰ নেতৃত্বত National Advisory Council নামৰ এটা অনুষ্ঠানৰ জন্ম দিছিল।এন এ চিৰ মূল কাম আছিল সততে গণমুখী কাৰ্যসূচী সম্পৰ্কে চৰকাৰক দিহা পৰামৰ্শ দিয়া। তাৰ সদস্যসকলৰ মাজত বিভিন্ন গণ আন্দোলনৰ লগত জড়িত ব্যক্তিসকলৰ লগতে বিভিন্ন বিষয়ৰ বিশাৰদ ব্যক্তিসকলো আছিল। ছোনীয়া গান্ধীয়ে এনেয়েও আগৰে পৰা ৰমিলা থাপাৰ,অৰুণা ৰয়, যোগেন্দ্ৰ যাদব আদিৰ দৰে অনেক পণ্ডিত, বুদ্ধিজীৱী আৰু নাগৰিক সমাজৰ প্ৰমুখ ব্যক্তিসকলৰ লগত সম্পৰ্ক ৰাখি চলিছিল। গতিকে ইতিমধ্যে উল্লেখ কৰা মনমোহন সিং চৰকাৰে লোৱা সিদ্ধান্ত সমূহৰ লগতে আৰু আন বহু সিদ্ধান্ত এন এ চিৰ দ্বাৰা প্ৰভাবিত আছিল।
মনমোহন সিঙক বহুতেই মুখৰ মাত নোহোৱা দুৰ্ৱল প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰিছিল। তেখেতৰ দ্বিতীয় কাৰ্যকালত মনমোহন সিং চৰকাৰৰ বিৰুদ্ধে নানা ধৰণৰ দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰা হৈছিল। আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ যোগেদিয়ে মোদী চৰকাৰ শাসনলৈ আহিছিল। সঁচাকৈয়ে মনমোহন সিং মুখৰ মাত নোহোৱা দুৰ্ৱল প্ৰধানমন্ত্ৰী আছিলনে? মনমোহন সিং কি ব্যক্তিত্বৰ অধিকাৰী আছিল সেইটো জানিবলৈ মই ইতিমধ্যে উল্লেখ কৰা নিৰজা চৌধুৰীৰ কিতাপখনৰ ‘The Underrated Prime Minister Who Triumphed’ নামৰ ষষ্ঠ অধ্যায়টো পঢ়িলেই যথেষ্ট। কেৱল যে বামপন্থী দলবোৰেই ভাৰত-আমেৰিকা আনবিক চুক্তিৰ বিৰোধিতা কৰিছিল তেনে নহয়, ছোনীয়া গান্ধীৰ লগতে কংগ্ৰেছৰ ভালেমান গুৰুত্বপূৰ্ণ নেতাইও চুক্তিখনৰ বিৰোধিতা কৰিছিল। কিন্তু ভাৰতৰ শক্তি খণ্ডৰ বাবে চুক্তিখন প্ৰয়োজনীয় আছিল বুলি বিশ্বাস কৰিছিল বাবেই সকলো বাধা অতিক্ৰমি মনমোহন সিঙে আমেৰিকাৰ লগত আনবিক চুক্তিখন স্বাক্ষৰ কৰিছিল। গতিকে মনমোহন সিং দুৰ্ৱলচেতা প্ৰধানমন্ত্ৰী নাছিল। আনহাতে, ডঃ সিং নীৰৱ প্ৰধানমন্ত্ৰীও নাছিল।তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ উপলক্ষ্যত দেশৰ ভিতৰে বাহিৰে মুকলিকৈ সংবাদ মেল সম্বোধন কৰিছিল। আকৌ মনমোহন সিং চৰকাৰৰ বিৰুদ্ধে অনা দুৰ্নীতিৰ অভিযোগৰ মূলতে আছিল সেই সময়ৰ কেগৰ মুৰব্বী বিনোদ ৰায়। তেওঁৰ অভিযোগ আছিল ৰাজনৈতিকভাবে উদ্দেশ্য প্ৰণোদিত। সেই কাৰণেই সেই অভিযোগ বোৰৰ এটাও পিছলৈ কোনেও প্ৰমাণ কৰিব নোৱাৰিলে।
মনমোহন সিং ১৯৯১ৰ পৰা ২০১৮ চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল। তেওঁ বাৰু অসমৰ বাবে কি কৰিছিল? গুৱাহাটীৰ যি কোনো ৰাজহুৱা অনুষ্ঠান এটাৰ চৌহদত সোমালেই সেইটো গমপোৱা যায়। চিকিৎসালয়ে হওক, কলেজ বিশ্ববিদ্যালয় বা বিদ্যালয়ে হওক কিমান অনুষ্ঠান তেওঁৰ দ্বাৰা উপকৃত হৈছিল তাৰ হিচাপ ৰখাটোৱেই কথিন। উত্তৰ-পূব ভাৰতৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নেডফিৰ জন্মৰ মূল মানুহজনেই আছিল ডঃ সিং।
ডঃ মনমোহন সিঙৰ মৃত্যুৰ পিছতে দেশে বিদেশে মানুহে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটোৱেও প্ৰমাণ কৰে তেওঁৰ মহত্ব আৰু গুৰুত্ব। ডঃ মনমোহন সিঙৰ জন্ম হৈছিল এটা দুখীয়া পৰিয়ালত। সেয়ে তেওঁ দুখীয়াৰ দুখ বুজিছিল। বিনয় আছিল তেওঁৰ শৰীৰৰ ভূষণ। বোধহয় জৱহাৰলাল নেহৰুৰ পিছত ডঃ মনমোহন সিঙে ইতিহাসত ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী হিচাপে চিহ্নিত হৈ ৰ’ব। কথা নহয় কামেই আছিল তেওঁৰ চিনাকি। আজি নিগমবোধ ঘাটত তেখেতৰ অন্তিম সৎকাৰ কৰা হৈছে। আহক আমি সকলোৱে এই মহান নেতা গৰাকীৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰোঁ।
বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। সংগীত বাজি আছিল, এজন এজনকৈ আলহী আহি আছিল। কিন্তু হঠাৎ দৰাৰ চিঞৰত বিঘিনি ঘটিল। ছোৱালীৰ ঘৰৰ মানুহে ৰুটি দিয়াত দেৰি কৰিলে! যুৱকজনে এই বিষয়কে লৈ হুলস্থুল কৰি বিয়াখন ভাঙি পেলালে! এই ঘটনাত যুৱকজনৰ লগতে তেওঁৰ ঘৰৰ আন ৫জন লোকৰ বিৰুদ্ধেও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে।
উত্তৰ প্ৰদেশৰ চাণ্ডুলিৰ হামিদপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। খাদ্য দিয়াত পলম হোৱাৰ বাবে যুৱকজনে বিয়াখন ভাঙি পেলালে। সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। যুৱকজনৰ ঘৰৰ আন ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ মতে, মেহতাব নামৰ যুৱকজনে তেওঁৰ ঘৰৰ মানুহে খাদ্য নাপায় বুলি দাবী কৰে। ৰুটি দিয়াত দেৰি হৈ গ’ল। সেইবাবেই দৰা ঘৰৰ সকলোৰে লগত ওলাই গ’ল। কইনা পক্ষৰ মতে তেওঁক ৰখাবলৈ কেইবাবাৰো চেষ্টা কৰা হৈছিল যদিও মেহতাবে নুশুনিলে।
ছোৱালীজনীৰ ঘৰৰ মানুহে দাবী কৰিছে যে তেওঁলোকে বিয়াৰ বাবে ৭ লাখ টকা খৰচ কৰিছে। তাৰে ১.৫ লাখ টকা মেহতাবক দিয়া হৈছিল। তেওঁলোকে এতিয়া সেই ধন ঘূৰাই বিচাৰে। তদন্তৰ অন্তত মেহতাবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।