NORTHEAST NOW (Assamese)

অসমৰ সৈতে নিবিড় সম্পৰ্ক আছিল ড০ মনমোহন সিঙৰঃ সৰুমটৰীয়াৰ পৰা দিল্লীলৈ

December 27, 2024 10:31 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ প্ৰৱাদ পুৰুষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ চিৰবিদায়। ৯২ বছৰ বয়সত মহাপ্ৰস্থান কৰিলে দেশৰ প্ৰৱীণ অৰ্থনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডঃ মনমোহন সিঙৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। লক্ষ লক্ষ লোকে সামাজিক মাধ্যমত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰিছে।

কিন্তু আপুনি জানেনে- গুৱাহাটীৰ সৰুমটৰীয়াৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডঃ মনমোহন সিং। ১৯৯১ চনত ডঃ মনমোহন সিঙে সৰুমটৰীয়াস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘৰত ভাড়াতীয়া হিচাপে প্ৰৱেশ কৰিছিল। আৰু দেশৰ বিত্তমন্ত্ৰী হোৱাৰ পাছত অসমৰ পৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ডঃ সিং। আৰু তেতিয়াৰ পৰাই কাৰ্যতঃ তেওঁ অসমৰে বাসিন্দা হৈ পৰিছিল।

নতুন দিল্লীৰ ভোটাৰ তালিকাত থকা তেওঁৰ নাম দিছপুৰ বিধানসভা সমষ্টিলৈ স্থানান্তৰ কৰাইছিল। ইয়াৰ পাছত তেওঁ ১৯৯১, ১৯৯৫, ২০০১, ২০০৭ আৰু ২০১৩ চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। অসমৰ সাংসদ হিচাপে তেওঁ দুবাৰকে প্রধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। অসমে লাভ কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা তেওঁৰ প্ৰধানমন্ত্ৰিত্বৰ কাৰ্যকালতেই প্রদান কৰা হৈছিল।

Related News