NORTHEAST NOW (Assamese)

অসমৰ বিজ্ঞানী মণ্টু ভূঞা লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটীৰ ফেল’ নিৰ্বাচিত

November 15, 2018 5:15 pm · স্মিতা ভট্টাটাৰ্য

যোৰহাটৰ চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰ পূৰ্বাঞ্চলীয় প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মন্টু ভূঞাক লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটী ফেল’ হিচাপে নিৰ্বাচিত কৰা হৈছে। ঘাইকৈ পতংগ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিজ্ঞানীগৰাকীক এই সন্মান জনোৱা হয়।

উল্লেখ্য যে চাৰ্লছ ডাৰৱিন আৰু আলফ্ৰেড ৰাছেলৰ দৰে বৈজ্ঞানিকৰ দৰে ভালেমান অগ্ৰগণ্য বিজ্ঞানীয়ে এই ছচাইটীৰ প্ৰাক্তন  ফেল’ আছিল।

ড০ ভূঞাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আমেৰিকাৰ ৰুটজাৰ বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট-ডক্টৰেট কৰিছিল। বৰ্তমান বৈজ্ঞানিকগৰাকীয়ে পতংগ-বৃক্ষৰ মাজৰ সংকেত বিনিময় আৰু বৃক্ষৰ গৌণ পৰিপাকৰ দ্বাৰা কীট নিয়ন্ত্ৰণৰ ওপৰত গৱেষণা কৰি আছিল। লগতে তেওঁ পখিলাৰ পৰিৱেশতন্ত্ৰ, পতংগৰ আচৰণ আৰু ৰোগৰ বিজানু বিয়পোৱা ম’হ মাখিৰ নিয়ন্ত্ৰণ আদিৰ ওপৰত গৱেষণা কৰিছিল।

বিজ্ঞানৰ প্ৰখ্যাৎ আলোচনীসমূহত তেওঁৰ লিখনি প্ৰকাশিত হৈছে। পতংগ বিজ্ঞানৰ ওপৰত প্ৰকাশিত বিখ্যাৎ আলোচনী Annual Review of Entomologyৰ তেখেত সহ লিখক।

তেওঁৰ হাতত মহ আঁতৰোৱাৰ ভালেকেইটা সফল প্ৰযুক্তিৰ পেটেণ্ট আছে আৰু তাৰ ওপৰত  বহুকেইটা উদ্যোগে বাণিজ্যিকভাৱে মহ আতৰোৱা সামগ্ৰী উৎপাদন কৰি আছে।

Related News