NORTHEAST NOW (Assamese)

ড০ ভুৱনেশ্বৰ ডেকাক ২০১৯ বৰ্ষৰ ড০ ময়িদূল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

September 24, 2019 6:59 am · পার্শ্বজোতি গগৈ
শিৱসাগৰত সোমবাৰে ড০ ময়িদূল ইছলাম বড়া বঁটা প্ৰদান কৰা হয় ড০ ভুৱনেশ্বৰ ডেকাক। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সোমবাৰে ড০ ভুৱনেশ্বৰ ডেকাক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০১৯  প্ৰদান কৰা হয়।

অসমৰ প্ৰথম গৰাকী ডক্টৰেট তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ময়িদূল ইছলাম বড়াৰ স্মৃতিত অৰুণোদয় সাহিত্য সভা আৰু ময়িদূল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে এই বঁটা প্ৰদান কৰে।

জিকিৰ আৰু জাৰিৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী গৱেষক ড০ ভুৱনেশ্বৰ ডেকা বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ।

ড০ ভুবনেশ্বৰ ডেকাই সাহিত্যৰ সুবাস, বোধিদ্ৰুম, পঞ্চপুস্প, কামিনী কাঞ্চন, অসমীয়া জিকিৰ আৰু জাৰি গীতৰ পৰিচয়, অসমীয়া জিকিৰ আৰু জাৰি গীতৰ ৰহঘৰাকে ধৰি বহুকেইখন গ্ৰন্থ ৰচনা কৰিছে।

বিশিষ্ট সাহিত্যিক গৰাকীক ড০ ময়িদূল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষ স্ৰষ্টা ড: নগেন শইকীয়াই।

বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ ড০ নগেন শইকীয়াই ড০ ময়িদূল ইছলাম বড়াৰ জীৱন, সাহিত্য কৃতিৰ লগতে দৰ্শনৰ ওপৰত আলোকপাত কৰে ৷

মিতভাষ স্ৰষ্টা গৰাকীয়ে জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজান পীৰে কীৰ্তন আৰু কোৰাণৰ মূল তত্ব একেলগ কৰি অসমীয়া সমাজলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷

বঁটা প্ৰাপক ড০ ভুৱনেশ্বৰ ডেকাই কয়, ‘’সমাজৰ উন্নতি, প্ৰগতিৰ বাবে সাহিত্য হ’ব লাগে। ড০ ময়িদুল ইছলাম বড়াই মাত্ৰ কেইটামান প্ৰৱন্ধ, গল্প কবিতা লিখি সাহিত্যিক হ’ব পাৰিছিল। তেখেতে সাহিত্য সভাৰ সেই চমু অভিভাষণত সমস্ত সাহিত্যৰ কথা উল্লেখ কৰি হাতী মাৰি ভুৰুকাত ভৰাইছিল।‘’

এই বঁটা লাভ কৰি আনন্দিত বুলি উল্লেখ কৰি তেওঁ কয়, ‘’বঁটাই সাহিত্যিকৰ গুণাগুণ নিৰ্ণয় নকৰে, কিন্তু সাহিত্যিকজনক ন ন সৃষ্টিৰ বাবে অনুপ্ৰাণিত আৰু উৎসাহিত কৰে।‘’

Related News