অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াক ২০২১ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

অসম সাহিত্য সভাৰ সভাপতি, সু-গল্পকাৰ তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড° কুলধৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা।

বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰি অহা হৈছে এই বঁটা। ড° বড়াৰ ১২২ সংখ্যক জন্মবৰ্ষৰ সৈতে সংগতি ৰাখি ৰংপুৰজ্যোতি ক্লাবৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আগবঢ়োৱা হয় এই বিশেষ বঁটা।

অনুষ্ঠানত ড° প্ৰশান্ত কুমাৰ চুতীয়াই অনুবাদ কৰা ড° ময়িদুল ইছলাম বড়াৰ গৱেষণা গ্ৰন্থ ‘আমিৰ হাচান দিহলৱিৰ জীৱন আৰু কৰ্ম’ৰ লগতে আন ৩ খন গ্ৰন্থ উন্মোচন কৰা হয়।

অনুষ্ঠানত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়া, অৰ্জুন ভোগেশ্বৰ বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগকে ধৰি প্ৰায় দুই শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।