Green Future Leadership Award : বাংগালুৰুত বিশেষ সন্মানেৰে সন্মানিত অসম সন্তান ডঃ প্ৰণৱ জে পাটৰ

জল তথা পৰিবেশ সুৰক্ষা সম্পৰ্কীয় কামৰ সৈতে দীৰ্ঘদিন ধৰি জৰিত হৈ থকা অসম সন্তান ডঃ প্ৰণৱ জে পাটৰক অলপতে বাংগালুৰুত বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

বাংগালুৰুৰ তাজ এমজি ৰোডত আয়োজিত World CSR Day & World Sustainability উদ্যোগত ২৭ অক্টোৱৰত আয়োজিত সপ্তম নেচনেল চিএছআৰ লীডাৰশ্বিপ কংগ্ৰেছত পাটৰক Green Future Leadership Award আৰু Water Leadership Award ৰে সন্মানিত কৰা হয়।

সামাজিক তথা পৰিবেশ সম্পৰ্কীয় ক্ষেত্ৰ খনে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান দূৰীকৰণৰ বিষয়ত কাম কৰি অহাৰ স্বীকৃতি স্বৰূপেই ডঃ প্ৰণৱ জে পাটৰক এই সন্মানেৰে সন্মানিত কৰা হয়।

নতুন দিল্লীস্থ ইণ্ডো-এউ এছ এনভাইৰনমেণ্টেল চেৰিটি গ্ল’ৱেল ফাউণ্ডেছন ফৰ এডভান্সমেণ্ট অব এনভাইৰনমেণ্ট এণ্ড হিউমেন ৱেলনেছৰ মুখ্য কাৰ্যবাহী ডঃ প্ৰণৱ জে পাটৰে জল সম্পদৰ সুৰক্ষা,জলবায়ু সম্পৰ্কীয় কাম-কাজৰ লগতে নূন্যতম কাৰ্বন নিৰ্গমন সম্পৰ্কীয় প্ৰকল্পৰ সৈতে জৰিত হৈ আছে।

মৰিগাঁওৰ পৰা গৈ ২০১৯ চনত গ্ল’ৱেল ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে দায়িত্ব গ্ৰহণ কৰা পাটৰে জল তথা পৰিবেশ সুৰক্ষা সম্পৰ্কীয় উল্লেখনীয় কামত ব্ৰতী হৈ আছে।

পাটৰৰ এনে কামৰ স্বীকৃতি স্বৰূপেই তেওঁক বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

পাটৰক সন্মানিত কৰা অনুষ্ঠানত উপস্থিত আছিল SUEZ India ৰ মুখ্য অপাৰেটিং বিষয়া নিকোলাচ বকফ, World CSR Day & World Sustainability ৰ প্ৰতিষ্ঠাতা ডঃ আৰ এল ভাটিয়া,টকেনজে টিভিৰ প্ৰতিষ্ঠাতা জেছন ফাৰ্নাণ্ডেজ,চিএছআৰ-আইবিএম ভাৰত আৰু দক্ষিণ এচিয়াৰ মুৰব্বী মনোজ বালচন্দ্ৰন,বিকন ইণ্ডিয়া ফাইণ্ডেছনৰ মিছন ডাইৰেক্টৰ ড়ঃ অনুপমা ছেট্টী,চিএছআৰ হিন্দুস্তান জিংকৰ মুৰব্বী অনুপমা নিধিকে ধৰি বহু গণ্যমান্য ব্যক্তি।

উল্লেখ্য দৰিদ্ৰতাদূৰীকৰণ,শিক্ষাৰ উন্নয়ন, পৰিবেশ, অনাময় ব্যৱস্থা,লিংগ বৈষম্যদূৰীকৰণ আদি বিষয়ৰ সৈতে দীৰ্ঘদিন ধৰি কৰ্প’ৰেট ছ’চিয়েল ৰেছপনছিবিলিটি ,চমুকৈ চিএছআৰে ভাৰতত কাম কৰি আহিছে।

মুম্বাইস্থিত World CSR Day & World Sustainability -এ পৰিবেশ আৰু অন্যান্য বিষয়ত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।