NORTHEAST NOW (Assamese)

গোলাঘাটত প্ৰকৃতিবিদ পদ্মশ্ৰী ড° ৰবীন বেনাৰ্জীৰ মৃত্যু দিৱস পালন  

August 6, 2021 4:43 pm ·   মীনাক্ষী ফুকন
Updated: August 6, 2021 4:44 pm

আজি অৰ্থাৎ ৬ আগষ্টৰ এই দিনটো পদ্মশ্ৰী ড°ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি ।

গোলাঘাট ৰবীন বেনাৰ্জী বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই  পালন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাত প্ৰকৃতিবিদ জনৰ এই  মৃত্যুতিথি ।

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষক সকলে  ৰবীন বেনাৰ্জীৰ প্ৰতিছবি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি মৃত্যুতিথি পালন কৰে ।

ইয়াৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী সকলে ৰবীন বেনাৰ্জী প্ৰতিচ্ছবি সন্মুখত এক প্ৰাৰ্থনা কাৰ্যসূচীও অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে ১৯৩৭ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৰিবেশবিদ  ড° ৰবীন্দ্ৰ নাথ বেনাৰ্জী লিভাৰপুলত ‘ৰয়েল নেভি’ত কৰ্মৰত আছিল ।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহে । সেইসময়তে অসমলৈ আহি  তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । এই ভ্ৰমণ কালতে তেওঁ অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ  গোলাঘাটতে  নিগাজীকৈ থাকি  যোৱাৰ সিদ্ধান্ত লয় ।

গোলাঘাটত থাকি বেনাৰ্জীয়ে প্ৰথমখন তথ্যচিত্ৰ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মাণ কৰে আৰু এই তথ্যচিত্ৰ ১৯৬১ চনত  বাৰ্লিন টিভিত প্ৰদৰ্শন হয় ।

এই তথ্যচিত্ৰখনৰ বাবে কাজিৰঙা এশিঙীয়া গঁড় আৰু কাজিৰঙা বিষয়ে সমগ্ৰ বিশ্বত পৰিচিত হয় । আৰু তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে।

পৰৱৰ্তীকালত তেওঁ ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাব আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।

১৯৭১ চনত পদ্মশ্ৰী বঁটা লাভ কৰে । তেওঁ ৯৪ বছৰ বয়সত  ২০০৩ চনত ৬ আগষ্ট  অৰ্থাৎ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটে ।

বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে।

ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো ইতিমধ্যে  সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

Related News