আজি অৰ্থাৎ ৬ আগষ্টৰ এই দিনটো পদ্মশ্ৰী ড°ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি ।
গোলাঘাট ৰবীন বেনাৰ্জী বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই পালন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাত প্ৰকৃতিবিদ জনৰ এই মৃত্যুতিথি ।
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষক সকলে ৰবীন বেনাৰ্জীৰ প্ৰতিছবি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি মৃত্যুতিথি পালন কৰে ।
ইয়াৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী সকলে ৰবীন বেনাৰ্জী প্ৰতিচ্ছবি সন্মুখত এক প্ৰাৰ্থনা কাৰ্যসূচীও অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে ১৯৩৭ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৰিবেশবিদ ড° ৰবীন্দ্ৰ নাথ বেনাৰ্জী লিভাৰপুলত ‘ৰয়েল নেভি’ত কৰ্মৰত আছিল ।
দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহে । সেইসময়তে অসমলৈ আহি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । এই ভ্ৰমণ কালতে তেওঁ অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ গোলাঘাটতে নিগাজীকৈ থাকি যোৱাৰ সিদ্ধান্ত লয় ।
গোলাঘাটত থাকি বেনাৰ্জীয়ে প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মাণ কৰে আৰু এই তথ্যচিত্ৰ ১৯৬১ চনত বাৰ্লিন টিভিত প্ৰদৰ্শন হয় ।
এই তথ্যচিত্ৰখনৰ বাবে কাজিৰঙা এশিঙীয়া গঁড় আৰু কাজিৰঙা বিষয়ে সমগ্ৰ বিশ্বত পৰিচিত হয় । আৰু তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে।
পৰৱৰ্তীকালত তেওঁ ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাব আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।
১৯৭১ চনত পদ্মশ্ৰী বঁটা লাভ কৰে । তেওঁ ৯৪ বছৰ বয়সত ২০০৩ চনত ৬ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটে ।
বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে।
ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো ইতিমধ্যে সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।