Breaking News:১ জানুৱাৰী, ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ

অসম বিধানসভাৰ ১২১টা সমষ্টিৰ সংহত খচৰা ভোটাৰ তালিকা আজি অৰ্থাৎ ১ নৱেম্বৰত সমষ্টি কেইটাৰ জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰকাশ কৰিছে।
২৮-গোসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নি আৰু ১০৭-থাওৰা বিধানসভা সমষ্টিৰ ক্ষেত্ৰত সংহত খচৰা ভোটাৰ তালিকা অহা ০৮/১১/২০২১ তাৰিখে প্ৰকাশ কৰা হ’ব।

বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২২-ৰ মূল তথ্যসমূহ এনেধৰণৰ—

১. প্ৰকাশিত খচৰা অনুসৰি মুঠ ভোটাৰ : ২,৩৪,০২,৮৩৩ (১/১১/২০২১ তাৰিখলৈকে)।

২. প্ৰকাশিত খচৰাত পুৰুষ ভোটাৰৰ সংখ্যা : ১,১৮,২৫,৩৮১

৩. প্ৰকাশিত খচৰাত মহিলা ভোটাৰৰ সংখ্যা : ১,১৫,৭৭,০৬৫

৪. প্ৰকাশিত খচৰাত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা: ৩৮৭

৫. বিগত বছৰত চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত ভোটাৰৰ বৃদ্ধিৰ হাৰ : ১.৭৮%

৬. প্ৰকাশিত খচৰা অনুযায়ী ভোটাৰৰ অনুপাত : ৬২৬

৭. প্ৰকাশিত খচৰা অনুযায়ী ভোটাৰৰ লিংগৰ অনুপাত : ৯৭৯

৮. ১৮-১৯ বছৰ বয়সীয়া ভোটাৰৰ সংখ্যা : ২,৬৮,২৭৭

৯. ৮০বছৰৰ ঊৰ্দ্ধৰ ভোটাৰৰ সংখ্যা : ৩,২০,০৫০

১০. মুঠ পি ডব্লিউ ডি (বিশেষভাৱে সক্ষম)ভোটাৰ : ১,৪৭,৪৮১

১১. ৰাজ্যখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা : ২,৮২০

১ জানুৱাৰী, ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰিবলৈ লোৱা বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকাৰ সূচী–
১. সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ: ১ নৱেম্বৰ, ২০২১

২. দাবী আৰু আপত্তি দাখিল কৰাৰ তাৰিখ: ১ নৱেম্বৰ,২০২১ৰ পৰা ৩০,
নৱেম্বৰ,২০২১লৈ

৩. দাবী আৰু আপত্তিৰ নিষ্পত্তিৰ তাৰিখ: ২০ ডিচেম্বৰ, ২০২১ৰ ভিতৰত

৪. চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা তাৰিখ: ৫ জানুৱাৰী,২০২২ ভোটাৰ তালিকাত নাম পঞ্জীয়ন, কৰ্তন, সংশোধন আৰু স্থানান্তৰৰ বাবে কেনেদৰে় আবেদন কৰিব লাগে সেই বিষয়ে চমু টোকা: দাবী আৰু আপত্তি দাখিল কৰাৰ সময়ছোৱাত আৱেদনকাৰীসকলে প্ৰয়োজন অনুসৰি নিম্নলিখিত প্ৰ-পত্ৰসমূহ পূৰণ কৰি দাখিল কৰিব পাৰে।

নাম ভৰ্তি কৰিবলৈ প্ৰ-পত্ৰ ৬, প্ৰবাসী ভোটাৰসকলে নাম ভৰ্তি কৰিবলৈ প্ৰ-পত্ৰ ৬ (ক) নাম কৰ্তন কৰা বা আপত্তি উত্থাপন কৰিবলৈ প্ৰ-পত্ৰ ৭, যিকোনো বিৱৰণ সংশোধনৰ বাবে প্ৰ-পত্ৰ ৮ , একেটা সমষ্টিৰ এটা ভোটকেন্দ্ৰৰ পৰা আন এটালৈ নাম স্থানান্তৰৰ বাবে প্ৰ- পত্ৰ ৮-এ ,আৱেদনকাৰীসকলে তেওঁলোকৰ নিজ নিজ বুথ পৰ্যায়ৰ বিষয়াসকলৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি পূৰণ কৰিব আৰু দাবী আৰু আপত্তি দাখিল কৰাৰ বাবে নিৰ্ধাৰিত কৰা সময়ৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত দাখিল কৰিব পাৰে।

ভোটাৰ হেল্পলাইন এপ (Voter Helpline App)ৰ জৰিয়তে প্ৰ-পত্ৰসমূহ অনলাইনযোগেও দাখিল কৰিব পাৰিব (গুগ’ল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব)।