চকুসহ সৰ্বাংগ শৰীৰত টাট্টু কৰোৱাই তিনিসপ্তাহৰ ধৰি অন্ধ হৈ আছিল ‘ড্ৰেগ’ন গাৰ্ল’ 

প্ৰায় ৩ কোটি টকাৰ ব্যয়েৰে সমগ্ৰ শৰীৰত টাট্টু অংকন কৰোৱালে ড্ৰেগ’ন গাৰ্ল এম্বাৰে 

২৫ বছৰীয়া এম্বাৰ লিউক। অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছৰ চেন্ট্ৰেল ষ্টৰ ২৪ বৰ্ষীয় গাভৰু।

এক বিশেষ কাৰণত বিশ্বজুৰি চৰ্চালৈ আহিছে যুৱতীগৰাকী।

এই ২৪ বৰ্ষীয় এম্বাৰ লিউক নামৰ যুৱতী গৰাকীয়ে সমগ্ৰ শৰীৰতে টাট্টু কৰোৱাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

চকুসহ সমগ্ৰ শৰীৰত ২০০ টা টাটু কৰি ড্ৰেগ গাৰ্লৰূপে পৰিচিতি হৈছে এম্বাৰ লিউক।

সমগ্ৰ শৰীৰত অংকন কৰোৱা এই টাট্টুৰ বাবে যুৱতীগৰাকীয়ে ব্যয় কৰিছে প্ৰায় ৪০ হাজাৰ মাৰ্কিন লাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় কোটি টকা।

যুৱতী গৰাকীয়ে জনাইছে যে সমগ্ৰ শৰীৰত টাট্টু কৰোৱাবলৈ গৈ যথেষ্ট শাৰীৰিক কষ্টও ভোগ কৰিবলগীয়া হৈছে।

আনকি চকুৰ অন্তৰ্ভাগত টাট্টু কৰোৱাই তাই তেওঁ দুৰ্ভাগ্যজনকভাৱে তিনি সপ্তাহৰ বাবে সম্পূৰ্ণৰূপে দৃষ্টি শক্তিয়ো হেৰুৱাই পেলাইছিল।

অৱশ্যে তিনি সপ্তাহৰ পিছত তেওঁ চকুৰ দৃষ্টি শক্তি পুনৰ ঘূৰাই পাইছিল।

এম্বাৰৰ মতে চকুৰ অন্তৰ্ভাগত টাট্টু অংকন কৰি থাকোতে ভুলবশতঃ তেওঁৰ আৰ্টিষ্টগৰাকীয়ে চকুৰ মণিত স্পৰ্শ কৰি পাইছিল যাৰ ফলত তেওঁ তিনি সপ্তাহৰ বাবে চকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল।   

মই তিনি সপ্তাহৰ বাবে চকুৰ দৃষ্টি হেৰুৱাইছিলো। আছিল সঁচাই অতি কষ্টকৰ।ড্ৰেগ গাৰ্ল এম্বাৰে সেই অভিজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।

ইফালে এম্বাৰে চকু দৃষ্টি হেৰুৱাই পেলোৱাৰ বাবে মাতৃ ভিকি কান্দি উঠিছিল।

মাতৃ ভিকিয়ে কয়, “মই পৰা আৰম্ভ কৰো? মই মাত্ৰ কান্দিছিলো। মই কৈছিলো, বিপদজনক বুলি জানিও তুমি কিয় তেনে কাম কৰিলা?”

উল্লেখ্য যে, ১৪ বছৰৰ বয়সৰ পৰা এম্বাৰে নিজৰ শৰীৰত টাট্টু অংকন কৰোৱাবলৈ আৰম্ভ কৰিছিল।

আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত গোটেই শৰীৰত টাট্টু অংকন কৰোৱা সম্পূৰ্ণ কৰিছিল ড্ৰেগ গাৰ্লছ এম্বাৰ লিউকে।