অগ্নি-পিৰ পিছত ভাৰতে পৰীক্ষণ কৰিলে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘প্ৰলয়’ মিছাইল

১৮ ডিচেম্বৰত ভাৰতে পাৰমাণৱিক শক্তি সম্পন্ন অগ্নি-পি মিছাইলৰ সফল পৰীক্ষণ কৰাৰ পিছত এইবাৰ ‘প্ৰলয়’ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিয়াইছে এই মিছাইল বিধ।

ওড়িশাৰ ডঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা মিছাইল বিধৰ পৰীক্ষণ সম্পন্ন কৰাৰ কথা প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰিছে। ‘প্ৰলয়’ মিছাইলে ১৫০-৫০০ কিলোমিটাৰৰ ভিতৰত প্ৰলয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

মিছাইল বিধে নিৰ্দিষ্ট লক্ষ্য স্থানত সফলতাৰে আঘাত কৰিবলৈ সক্ষম হয়।

কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক মিছাইলবিধৰ সফল পৰীক্ষণৰ বাবে অভিনন্দন জনাইছে।

চীনৰ লগতে পাকিস্তানৰ দৰে শত্ৰু দেশৰ পৰা আহি থকা অহৰহ ভাবুকিৰ মাজতে ভাৰতে ১৮ ডিচেম্বৰত অত্যধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা পাৰমাণৱিক শক্তি সম্পন্ন বেলিষ্টিক মিছাইল অগ্নি-পিৰ সফল পৰীক্ষণ কৰিছিল।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠান ডিআৰডিঅ’ই সাজি উলিওৱা নতুন প্ৰজন্মৰ মিছাইল অগ্নি-পিৰ এয়া আছিল দ্বিতীয়টো সফল পৰীক্ষণ।

২০২১ চনৰে ২৮ জুনত অগ্নি-পি মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰিছিল ডিআৰডিঅ’ই।

উল্লেখ্য ২০১৬ চনৰ পৰাই ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে অগ্নি ছিৰিজৰ মিছাইল সাজি উলিওৱাৰ চেষ্টাত ব্ৰতী হৈ আহিছে।

প্ৰথমে পৰীক্ষণ কৰা অগ্নি মিছাইলৰ নাম আছিল অগ্নি-১ পি মিছাইল।