NORTHEAST NOW (Assamese)

তিনি কিলোমিটাৰ দূৰৰ পৰাই ড্ৰোন ধ্বংস কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন ডি আৰ ডি অ’ৰ

August 16, 2020 8:54 am · এন ই নাও নিউজ

সন্ত্ৰাসবাদীয়েই হওঁক বা কোনো শত্ৰু ৰাষ্ট্ৰই হওঁক,ড্ৰনৰ সহায়ত এতিয়া বহুতেই ভাৰতৰ ওপৰত চোকা দৃষ্টি ৰাখিছে।

কেৱল দৃষ্টি ৰখাই নহয়, ড্ৰোনৰ জৰিয়তে ভাৰতৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত  কৰাৰো আশংকা কৰা হৈছে।

পাকিস্তানৰ বাৰাক ড্ৰোন ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি হৈ পৰাৰ কথা চোৰাংচোৱাই বহুদিন পূৰ্বেই কৈছিল। ড্ৰোনৰ জৰিয়তে শত্ৰু পক্ষই যাতে ভাৰতৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা সংস্থাই শেহতীয়াকৈ সাজি উলিয়াইছে এক বিশেষ এণ্টি ড্ৰোন ছিষ্টেম।

ডি আৰ ডি অ’ই উদ্ভাৱন কৰা এই বিশেষ প্ৰযুক্তিয়ে আকাশৰ প্ৰায় তিনি কিলোমিটাৰ দূৰৰ পৰাই শত্ৰু পক্ষৰ ড্ৰোন চিনাক্ত কৰি সেই ড্ৰোন ধ্বংস কৰি পেলাব পাৰিব।

কেৱল সেয়াই নহয়,উচ্চ লেজাৰ প্ৰযুক্তিৰে চালিত ড্ৰোনো ডি আৰ ডি অ’ৰ এণ্টি ড্ৰন ছিষ্টেমে প্ৰায় ১.৫ৰ পৰা ২ কিলোমিটাৰ দূৰৰ পৰাই নিষ্ক্ৰিয় কৰি দিব পাৰিব।

শেহতীয়াকৈ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে এই এণ্টি ড্ৰোন ছিষ্টেম ব্যৱহাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বেও বিগত গণৰাজ্য দিৱসৰ সময়তো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ’ বলছ’নাৰ’ ভাৰতলৈ অহাৰ সময়তো এই প্ৰযুক্তিৰে সুৰক্ষা নিশ্চিত কৰা হৈছিল।

Related News