বিশ্বনাথত গুলীবিদ্ধ হৈছে এজন চোৰাংচিকাৰী ৷ গঁড় হত্যাৰে জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী বিশ্বনাথৰ বলডোঙাৰ দিলোৱাৰ হুছেইন পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয়৷
অলপতে জোনাইত গ্ৰেপ্তাৰ কৰা দিলোৱাৰে নিশা আৰক্ষীক চোৰাংচিকাৰীৰ ঘাটি দেখুৱাবলৈ নিওতে পলবলৈ চেষ্টা কৰিছিল।
আৰক্ষীয়ে বাধ্য হৈ তেওঁলৈ গুলীচালনা কৰাত ভৰিত গুলী লাগে দিলোৱাৰৰ৷
লগতে পঢ়ক: Encounter in Kashmir: দুটা পৃথক এনকাউন্টাৰত কাশ্মীৰত নিহত পাকিস্তানী-জইছ কমাণ্ডাৰসহ ৫ সন্ত্ৰাসবাদী
বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন গুলীবিদ্ধ দিলোৱাৰ।
আৰক্ষীয়ে অৱশ্যে এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য অৱগত কৰোৱা নাই।