প্ৰথমখন এদিনীয়াত বেটে বলে উজ্বলিল টীম ইণ্ডিয়া, অভিষেকতে চমক প্ৰসিদ্ধ কৃষ্ণ-ক্ৰুণাল পাণ্ডিয়াৰ

বেটে বলে উজ্বলি উঠিল টীম ইণ্ডিয়া।ইংলেণ্ড আৰু ভাৰতৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ৬৬ ৰাণত বিজয়সাব্যষ্ট কৰিছে।

মঙলবাৰে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এচ’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনৰ প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া ৩১৮ ৰাণৰ লক্ষ্য আগত লৈ ইংলেণ্ডে ২৫১ ৰাণতে অল আউট হয় ।

ভাৰতে প্ৰথম ইনিংছত পাঁচ উইকেটত ৩১৭ ৰাণ সংগ্ৰহ কৰি সন্মানজনক স্থিতিত উপনীত হয়।

অপেনাৰ শিখৰ ধাৱান (৯৮), অধিনায়ক কোহলী (৫৬), কে এল ৰাহুল (৬২) আৰু এদিনীয়া অভিষেক ঘটোৱা ক্ৰুণাল পাণ্ডিয়াই (৫৮) বেটিং বিক্ৰম প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে মাত্ৰ ২৬টা বলতে অৰ্ধশতক অৰ্জন কৰি ক্ৰণাল পাণ্ডিয়াই অভিষেক মেচত আটাইতকৈ দ্ৰুতগতিত অৰ্ধশতক কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে ৩টা আৰু মাৰ্ক উডে ২টাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত, ইংলেণ্ডে ৩১৮ ৰাণৰ লক্ষ্য আগত দূৰ্দান্ত আৰম্ভণি সত্বেও ৪২.১ অভাৰত ২৫১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ইংলেণ্ডৰ প্ৰথম উইকেটত অপেনিং বেটছমেনদ্বয় জ’নী ব’ৰিষ্ট’ (৯৪) আৰু জেছন ৰয়ে (৪৬) ১৩৫ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে।

কিন্তু তাৰপাছতে আৰম্ভ হয় বেটিংক্ৰমত খহনীয়া।

ব্যৰ্থ হয় ইংলেণ্ডৰ তাৰকা বেটছমেন বেন ষ্ট’কছ (১), ইয়ইন মৰ্গান (২২), জছ বাটলাৰ (২), চাম বিলীংছ (১৮) আৰু ময়িন আলি (৩০)।

ইয়াৰ মূলতে আছিল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটোৱা ভাৰতৰ ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণৰ চমকপ্ৰদ প্ৰদৰ্শন।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন মেচতে তেওঁ ৪ টাকৈ উইকেট লাভ কৰে।

ইংলেণ্ডৰ তাৰকা বেটছমেন জেছন ৰয় আৰু বেন ষ্ট’কছক পেভিলিয়নলৈ পঠাই প্ৰসিদ্ধ কৃষ্ণই দলক বিজয়ৰ দিশে ধাৱমান কৰায়।

উল্লেখযোগ্য যে অভিষেক মেচতে ৪টাকৈ উইকেট লাভ কৰা ভাৰতৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় প্ৰসিদ্ধ কৃষ্ণ।

তদুপৰি শ্বাৰদুল ঠাকুৰে ৩ টা, ভূৱেনশ্বৰ কুমাৰে ২টা আৰু ক্ৰুণাল পাণ্ডিয়াই ১টা উইকেট হস্তগত কৰে।