NORTHEAST NOW (Assamese)

কামাখ্যা মন্দিৰত দান দিবলৈ অনা ছয় কেজি সোণসহ চাৰিজনক গ্ৰেপ্তাৰ

July 27, 2019 6:02 pm · এন ই নাও নিউজ
Updated: July 27, 2019 6:39 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ৰাজহ চোৰাংচোৱা বিভাগ (ডাইৰেক্টৰেট অব ৰেভিনিউ ইণ্টেলিজেন্স), চমুকৈ ডি আই আৰে ২৬ জুলাইত গোপন সূত্ৰৰ পম খেদি নিউ জলপাইগুৰি ৰেইলৱে’ ষ্টেইশ্যনত শৰাইঘাট এক্সপ্ৰেছৰ পৰা প্ৰায় ছয় কেজি ওজনৰ সোণসহ চাৰিজন লোকক আটক কৰিছে।

সূত্ৰটোৱে জনোৱা মতে, সোণখিনি বিদেশৰ পৰা অনা আৰু মূল্য প্ৰায় দুই কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াত মুঠ ৩৬ টুকুৰা সোণ আছে।

সোণ সৰবৰাহৰ ঘটনাটোত জড়িত থকা চাৰিজনৰ ভিতৰত এগৰাকী মহিলাও আছে আৰু তেওঁলোকক জেৰা কৰি থকা হৈছে। প্ৰাথমিক জেৰাত স্বীকাৰ কৰা মতে, তেওঁলোকে সোণখিনি গুৱাহাটীৰ কামাখ্যা মন্দিৰত দান দিবলৈ আনিছিল। সেয়াই তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল।

অৱশ্যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈকে মন্দিৰত দান দিয়াৰ কথা ক’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

২৬ জুলাইৰে আন এটা একে ধৰণৰ অভিযানত ডি আই আৰে কলকাতাৰ পৰাও বাংলাদেশৰ পৰা সৰবৰাহ কৰা চোৰাং সোণ সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এ এন আইৰ বাতৰিটোত প্ৰকাশ।

Related News