• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

মিয়াওত ন-দিহিঙৰ চাপৰিৰ ইকৰাৰ মাজত উদ্ধাৰ লাখ টকাৰ কানি

Nenow মানস প্ৰতীম গগৈ
মাৰ্ঘেৰিটা , July 27, 2019 5:47 pm

2 min read

Police seizes opium in Arunachal Pradesh's Miao

ন-দিহিঙৰ চাপৰিত ধৃত যুৱককেইজনৰ সৈতে অসামৰিক পোচাকত অৰুণাচল প্ৰদেশৰ মিয়াও আৰক্ষী। ছবি সৌজন্য-- নৰ্থ ইষ্ট নাও।

3.5k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ মিয়াওত ন-দিহিঙৰ চাপৰিত ইকৰাৰ মাজত শনিবাৰে উদ্ধাৰ হৈছে ৮ বটল কানি।

চাংলাং জিলাৰ মিয়াও আৰক্ষীৰ অভিযানত কেইবালাখ টকা মূল্যৰ কানিখিনিৰ লগতে জব্দ হৈছে বহু পৰিমাণে কানি প্ৰস্তুতকাৰী সামগ্ৰী। লগতে গ্ৰেপ্তাৰ হৈছে দুজন কানি ব্যৱসায়ী।

ধৃত কানি সৰবৰাহকাৰীকেইজন হৈছে কামাখ্যাপুৰ গাঁৱৰ সুধাধন চাকমা আৰু অভয়পুৰ গাঁৱৰ অমূল্য ৰতন চাকমা নামৰ দুজন যুৱক৷

দুয়ো যুৱকৰ জেৰাত কানিৰ বেহা সম্পৰ্কত বহু তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে মিয়াও আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি মিয়াও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অসামৰিক পোচাকত অভিযানটো চলিছিল।

অৰুণাচল প্ৰদেশৰ এই অঞ্চলসমূহৰ পৰাই অসমৰ তিনিচুকীয়ালৈ ব্যাপক হাৰত কানি-ড্ৰাগছ আদি মাৰাত্মক নিচাজাতীয় দ্ৰৱ্য দীৰ্ঘদিনধৰি সৰবৰাহ হৈ থকাৰ ৰাজহুৱা অভিযোগ আছে৷

তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ, ইনথেম, নগাপথাৰ, লালমাটি, ব্ৰহ্মাজান, কেটেতং আদি অঞ্চলত নিচা কবলত পৰিছে একাংশ যুৱক৷

লিডু, জাগুন, লেখাপানী আদি অঞ্চলতো এই বেহা বিয়পি পৰিছে।

কিছুদিন পূৰ্বে উলুপ-ইনথেম গাঁৱৰ একাংশ মহিলাই নগা পথাৰৰ নিবাসী গুডু গোহাঁই, মাইচাংপানী গাঁৱৰ নিবাসী সঞ্জীৱ সোণোৱাল আৰু তিনিচুকীয়াৰ মাকুমৰ নিবাসী ওম বৰুৱা নামৰ যুৱক কেইজনক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাতে-লোটে ধৰি পেঙেৰী আৰক্ষীক গতাই দিছিল৷

মহকুমাটোত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা এনে নিচাজাতীয় দ্ৰব্যৰ বেহা সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে ধাৰাৱাহিকভাৱে প্ৰতিবাদ কৰি আহিছে।

কিন্তু বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে জনোৱাৰ পিছতো এতিয়াও ৰোধ হোৱা নাই নিচাৰ কাৰবাৰ।

আবকাৰী বিভাগৰ লোকে নিয়মমাফিক তালাচীৰে দুই এজন লোকক ধৰি বাঃ বাঃ লয় আৰু আচল বেপাৰীসকলৰ সৈতে গোপন বুজাবুজি চলাই থাকে, স্থানীয় ৰাইজৰ মুকলি অভিযোগ।

বিষয়টোত এতিয়া মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷

Recent News

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd