NORTHEAST NOW (Assamese)

তামুলপুৰত মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে অভিযান

November 2, 2019 6:49 am · দীপক কুমাৰ পাঠক
তামুলপুৰত কেইবাটাও অঞ্চলত প্ৰশাসন আৰু আবকাৰী বিভাগৰ অভিযান। ফটো: নৰ্থইষ্ট নাও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ খৈৰানী, আঙাৰকাটা আৰু অভয়াপুৰত  শুকুৰবাৰে তামুলপুৰ মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগে সুৰা আৰু মাদক দ্ৰৱ্যৰ বিৰুদ্ধে অভিযান চলায় ৷

অভিযান কালত খৈৰানী,  আঙাৰকাটা আৰু অভয়পুৰৰ বেলখুটিত কেবাটাও অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে।

অভিযানকাৰী দলটোৱে ভূটানত তৈয়াৰী সুৰা জব্দ কৰাৰ লগতে গাঞ্জাও জব্দ কৰে। দলটোৱে লগতে এগৰাকী গাঞ্জা ব্যৱসায়ীকো আটক কৰে।

আটক হোৱা গাঞ্জা ব্যৱসায়ী সুধন আৰ্যক গাঞ্জা বিক্ৰী কৰি থাকোতে হাটে লোটে নিজ ঘৰত আটক কৰি আবকাৰী বিভাগে নিজৰ জিম্মাত লয় ৷

অভিযান কালত খৈৰানীত থকা কেবাখনো হোটেলৰ পৰা ভূটানী সুৰাৰ বটলৰ কাৰ্টন বৃহৎ পৰিমানে জব্দ কৰাৰ লগতে কেইবা লিটাৰ দেশীয় সুৰা ভৰ্তি গেলন উদ্ধাৰ কৰি পাছত আবকাৰী বিভাগে সেইবোৰ নষ্ট কৰি পেলায় ৷

অভিযানৰ সময়ত তামুলপুৰ মহকুমা প্ৰশাসনৰ হৈ দণ্ডাধীশ তন্ময় বৰা, আবকাৰী পৰিদৰ্শক ৰনেন নাৰ্জাৰী আৰু আন বিষয়া সহ এটি আবকাৰী বিভাগৰ দল উপস্থিত আছিল ৷

Related News