NORTHEAST NOW (Assamese)

ঔষধ পৰিদৰ্শক জীৱন দেৱনাথৰ অকাল মৃত্যু, GIPS গুৱাহাটী পৰিয়ালৰ গভীৰ শোক প্ৰকাশ

June 18, 2021 3:40 pm · এন ই নাও নিউজ
Updated: June 18, 2021 3:45 pm

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্স, গুৱাহাটীৰ প্ৰাক্তন ফেকাল্টি তথা শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক জীৱন দেৱনাথৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে।

অমায়িক তথা সকলোকে সহজে আপোন কৰি ল’ব পৰা স্বভাৱৰ জীৱন দেৱনাথে ১৭ জুনৰ পুৱা নগাঁৱৰ নিজা বাসভৱনত মৃত্যুক সাৱটি লয়।জীৱন দেৱনাথৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ সৈতে জৰিত প্ৰতিগৰাকী ব্যক্তি।

আজি শৈক্ষিক প্ৰতিষ্ঠান খনৰ প্ৰাংগনত প্ৰয়াত জীৱন দেৱনাথৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে শোক সভাও অনুষ্ঠিত কৰা হয়।

এক শোক প্ৰস্তাৱত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্স কৰ্তৃপক্ষই জীৱন দেৱনাথৰ কৰ্তব্যপৰায়ণতাৰ লগতে শান্ত স্বভাৱৰ কথা সুঁৱৰি কয় যে দেৱনাথৰ অকাল বিয়োগ এক বৃহৎ ক্ষতি ।

অতি মেধাৱী জীৱন দেৱনাথে ০২-০২-২০০৯ ৰ পৰা ০৫-০৪-২০২০ লৈ প্ৰতিষ্ঠান খনত এগৰাকী ফেকাল্টি হিচাবে কৰ্মৰত আছিল। প্ৰায় এটা দশক ধৰি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ সৈতে জৰিত হৈ থাকি দেৱনাথে শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক হিচাবে কৰ্ম জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভনি কৰিছিল।

শৈক্ষিক প্ৰতিষ্ঠান খনত ফাৰ্মাক’ল’জি বিভাগ, এনিমেল হাউচ, ড্ৰাগছ ইনফৰ্মেছন চেণ্টাৰ আদি স্থাপনৰ ক্ষেত্ৰত দেৱনাথে অগ্ৰনী ভূমিকা পালন কৰিছিল। প্ৰতিষ্ঠান খনৰ আন বহু ফেকাল্টিৰ বাবে দেৱনাথ তেওঁৰ স্বকীয় ব্যক্তিত্ব আৰু গুণৰ বলত আদৰ্শৰ ব্যক্তিত পৰিণত হৈছিল।

দেৱনাথৰ মৃত্যুত সেয়ে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে।

মৃত্যুৰ সময়ত দেৱনাথে এৰি থৈ যোৱা পত্নী আৰু ৪ বছৰীয়া কন্যাৰ কাষত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ পৰিয়াল সদায় থাকিব বুলিও শোক বাৰ্তাটোত প্ৰকাশ কৰিছে।

Related News