DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঔষধ পৰিদৰ্শক জীৱন দেৱনাথৰ অকাল মৃত্যু, GIPS গুৱাহাটী পৰিয়ালৰ গভীৰ শোক প্ৰকাশ

প্ৰয়াত দেৱনাথ আছিল গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ প্ৰাক্তন ফেকাল্টিও

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2021 3:40 pm
GIPS-750x375
316
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্স, গুৱাহাটীৰ প্ৰাক্তন ফেকাল্টি তথা শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক জীৱন দেৱনাথৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে।

অমায়িক তথা সকলোকে সহজে আপোন কৰি ল’ব পৰা স্বভাৱৰ জীৱন দেৱনাথে ১৭ জুনৰ পুৱা নগাঁৱৰ নিজা বাসভৱনত মৃত্যুক সাৱটি লয়।জীৱন দেৱনাথৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ সৈতে জৰিত প্ৰতিগৰাকী ব্যক্তি।

আজি শৈক্ষিক প্ৰতিষ্ঠান খনৰ প্ৰাংগনত প্ৰয়াত জীৱন দেৱনাথৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে শোক সভাও অনুষ্ঠিত কৰা হয়।

এক শোক প্ৰস্তাৱত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্স কৰ্তৃপক্ষই জীৱন দেৱনাথৰ কৰ্তব্যপৰায়ণতাৰ লগতে শান্ত স্বভাৱৰ কথা সুঁৱৰি কয় যে দেৱনাথৰ অকাল বিয়োগ এক বৃহৎ ক্ষতি ।

অতি মেধাৱী জীৱন দেৱনাথে ০২-০২-২০০৯ ৰ পৰা ০৫-০৪-২০২০ লৈ প্ৰতিষ্ঠান খনত এগৰাকী ফেকাল্টি হিচাবে কৰ্মৰত আছিল। প্ৰায় এটা দশক ধৰি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ সৈতে জৰিত হৈ থাকি দেৱনাথে শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক হিচাবে কৰ্ম জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভনি কৰিছিল।

শৈক্ষিক প্ৰতিষ্ঠান খনত ফাৰ্মাক’ল’জি বিভাগ, এনিমেল হাউচ, ড্ৰাগছ ইনফৰ্মেছন চেণ্টাৰ আদি স্থাপনৰ ক্ষেত্ৰত দেৱনাথে অগ্ৰনী ভূমিকা পালন কৰিছিল। প্ৰতিষ্ঠান খনৰ আন বহু ফেকাল্টিৰ বাবে দেৱনাথ তেওঁৰ স্বকীয় ব্যক্তিত্ব আৰু গুণৰ বলত আদৰ্শৰ ব্যক্তিত পৰিণত হৈছিল।

দেৱনাথৰ মৃত্যুত সেয়ে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে।

মৃত্যুৰ সময়ত দেৱনাথে এৰি থৈ যোৱা পত্নী আৰু ৪ বছৰীয়া কন্যাৰ কাষত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ পৰিয়াল সদায় থাকিব বুলিও শোক বাৰ্তাটোত প্ৰকাশ কৰিছে।

Recent News

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd