NORTHEAST NOW (Assamese)

নিচাযুক্ত টেবলেটৰ সৈতে কাজিগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

September 24, 2018 8:58 am · মুকেশ কুমাৰ সিং
Updated: September 24, 2018 9:39 am
ধুবুৰীত নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী আশ্ৰাফ খান। ফটো : নৰ্থইষ্ট নাও

এক যৌথ অভিযানত আৰক্ষীয়ে দেওবাৰে এজন নিচাযুক্ত টেবলেট সৰবৰাহকাৰীক ৭ পেকেট নিচাযুক্ত টেবলেট (মুঠ ১৩৬২ টা টেবলেট)ৰ সৈতে কোকৰাঝাৰৰ কাজিগাওঁ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

চোৰাংচোৱাৰ বিশেষ তথ্যৰ ভিত্তিত এই যৌথ অভিযানটো চলাইছিল সীমান্ত সুৰক্ষা বাহিনীৰ জি ব্ৰাঞ্চ আৰু কোকৰাঝাৰৰ কাজিগাওঁ আৰক্ষীয়ে।

অভিযানকাৰী দলৰ হাতত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনক ধুবুৰী চহৰৰ বিদ্যাপাৰাৰ বাসিন্দা প্ৰয়াত আহমেদ খানৰ পুত্ৰ আশ্ৰাফ খান (৩৫) বুলি চিনাক্ত কৰা হৈছে।

সৰবৰাহকাৰী আশ্ৰফৰ জিম্মাৰ পৰা জব্দ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য ৪,০৮,৬০০ কৈয়ো অধিক হ’ব বুলি জানিব পৰা গৈছে। ধৃত আশ্ৰফৰ পৰা লগতে এটা ১২,০০০ টকা মূল্যৰ ছেমছাং ম’বাইল ফোনো উদ্ধাৰ কৰা হৈছে।

এই যৌথ অভিযানটোত বিএছএফৰ ডেপুটি কমাণ্ডেন্ট (জি)ৰ লগতে কোকৰাঝাৰৰ কাজিগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল চন্দ্ৰ ৰয়ৰ নেতৃত্বত এটা দলে অংশ লৈছিল।

ধৃত সৰবৰাহকাৰীজনক জব্দকৃত সামগ্ৰীৰ সৈতে কাজিগাঁও আৰক্ষীক গতাই দিয়া হৈছে।

বিএছএফৰ সূত্ৰই প্ৰকাশ কৰিছে যে ধৃত সৰবৰাহকাৰীজন দীনদয়াল উপাধ্যায় গ্ৰামীন কৌশল যোজনাৰ অধীনৰ ধুবুৰীৰ ইনষ্টিটিউট অৱ চেন্ট্ৰেল এছেছমেন্ট (আই চি এ)ৰ এগৰাকী ৱাৰ্ডেন।

চলিত বৰ্ষত বিএছএফৰ ধুবুৰী খণ্ডৰ মুখ্য কাৰ্যালয়স্থিত জি ব্ৰাঞ্চে ১১,০০০ তকৈয়ো অধিক নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

Related News