NORTHEAST NOW (Assamese)

কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী; ১.৩০কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ

January 22, 2022 8:27 am · এন ই নাও নিউজ, গুৱাহাটী

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু অসম আৰক্ষীৰ এক যৌথ অভিযানত কৰিমগঞ্জ জিলাত ১.৩০কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে।

ড্ৰাগছৰ চোৰাং বেহা চলি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছত বিএছএফৰ সাত নং বেটেলিয়ন আৰু কৰিমগঞ্জ জিলা আৰক্ষীৰ এটা দলে এক যৌথ অভিযান চলাইছিল।

অভিযানকাৰী দলে পাছত এখন নিষিদ্ধ ড্ৰাগছ বজাই কৰা বাহনো ধৰা পেলায়।

লগতে পঢ়ক: Priyanka Chopra: গোপনে ৰাখিব বিচাৰিছে খৱৰটো! মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

অভিযানৰ সময়ত এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰা হয়।

বাতৰি অনুসৰি, অভিযানত ১.৩০ কোটি টকা মূল্যৰ ২৬,০০০ য়াবা টেবলেট বাহনখনৰ পৰা উদ্ধাৰ কৰা হয়।

এই সন্দর্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।      

Related News