Drugs peddler arrested বঙাইগাঁৱত চিৰাং আৰক্ষীৰ অভিযান,ড্ৰাগছ, নগদ ধন জব্দ

বঙাইগাঁও চহৰৰ ৰে’লৱে নিউ কলনী এলেকাত শুকুৰবাৰে ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে এক অভিযান চলায় ৷ এই অভিযান কালত আৰক্ষীয়ে বৃহৎ পৰিমানৰ ধন,হেৰ’ইন , ম’বাইল , আই পেড , এখন মটৰ চাইকেল আদিসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন হ’ল হেমাংগ কলিতা ওৰফে মেংগ ৷ উল্লেখ্য যে ৰুণীখাটা আৰক্ষী থানাৰ এক গোচৰৰ ভিত্তিত চিৰাং আৰক্ষীয়ে পুৱা এই গোপন সূত্ৰৰ পমখেদি অভিযান চলাই এই সফলতা লাভ কৰে ৷

আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ৩.৫২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, নগদ ৪,৯০,৪০০ টকা, ৯ টা ম’বাইল ফোন, এটা আইপেড,এখন মটৰ চাইকেল , চিৰিঞ্জসহ বহু নিচাযুক্ত দ্ৰব্যৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী অধিক তথ্যৰ বাবে অব্যাহত আছে তদন্ত।