শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ

শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ ।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গাড়ীত লৈ যোৱা অৱস্থাত এক গোপন সূত্ৰৰ পমখেদি শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এই ব্ৰাউন চুগাৰ ।

১১ গ্ৰাম ব্ৰাউন চুগাৰসহ দুই যুৱকক কৰায়ত্ত।

যুৱক দুজনৰ নাম বিতু ঠাকুৰ আৰু অনুৰাগ বৰগোঁহাই ।

বিতু ঠাকুৰৰ ঘৰ শিৱসাগৰ গণকপট্টীত আৰু অনুৰাগৰ ঘৰ হাবিৰাম পথত।

AS-04-Q-9443 নম্বৰৰ ডেটচান ৰেডী নামৰ গাড়ীত আহিছিল যুৱক দুজন ।