অসম-মিজোৰামত জব্দ ৪০০ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ: তিনিগৰাকীক গ্ৰেপ্তাৰ

Drugs Seized In Mizoram Assam

প্ৰতিনিধিত্বমূলক ছবি

নিষিদ্ধ ঘোষিত ড্ৰাগছৰ চোৰাং বেহাৰ ঘাটিত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল। উত্তৰ পূবৰ ৰাজ্যত চলিছে এই নিচাজাতীয় সামগ্ৰীসমূহৰ অবাধ সৰবৰাহ। বুধবাৰে অসম আৰু মিজোৰামত ৪০০ কোটিতকৈ অধিক মূল্যৰ বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ পাছতে পুনৰ উন্মোচিত হৈছে এই উদ্বেগজনক তথ্য।

এই বিশাল পৰিমাণৰ ড্ৰাগছৰ লগতে অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিছে তিনিগৰাকী ব্যক্তিক। অৱশ্যে এই ড্ৰাগছখিনিৰে অধিকাংশ জব্দ হৈছে মিজোৰামত। ম্যানমাৰৰ সীমান্তৱৰ্তী পূব মিজোৰামৰ চম্পাই চহৰৰ এটা ঘৰৰ পৰা ৩৯০.৪ কোটি টকাৰ নিৰ্দিষ্ট ব্ৰেণ্ডৰ ডিকনজেষ্টেণ্ট আৰু এন্টিহিষ্টামিনৰ ৩৯ লাখ টেবলেট জব্দ কৰা হয়।

এয়া ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে অন্যতম বৃহৎ সফলতা বুলি উল্লেখ কৰিছে মিজোৰামৰ শুল্ক বিভাগে। উল্লেখ্য যে ডিকঞ্জেষ্টেণ্ট হৈছে নাক বন্ধ হ’লে হ্ৰস্বম্যাদী সকাহ দিয়াৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ ঔষধ। আনহাতে এলাৰ্জীৰ লক্ষণৰ চিকিৎসাত এন্টিহিষ্টামিন সাধাৰণতে ব্যৱহাৰ কৰা হয়।

শুল্ক বিভাগৰ সৈতে মিজোৰামত অভিযান চলোৱা আছাম ৰাইফলছে এক বিবৃতিত কয় যে এই সামগ্ৰীসমূহ আইজলৰ পৰা ম্যানমাৰৰ কোনো প্ৰান্তত মেথামফেটামাইন টেবলেট তৈয়াৰ কৰাৰ উদ্দেশ্যে প্ৰেৰণৰ প্ৰস্তুতি চলোৱা হৈছিল। ম্যানমাৰৰ পৰা পুনৰ এই দ্ৰব্যসমূহ ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ হ’লহেঁতেন বুলি উল্লেখ কৰে আছাম ৰাইফলছে।

অভিযানকাৰী দলটোৱে চম্পাইৰ ৰুৱাণ্টং অঞ্চলৰ পৰা এই নিষিদ্ধ সামগ্ৰী লগত ৰখাৰ অভিযোগত ৪১ বছৰীয়া এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে।

ইফালে অসমৰ কৰিমগঞ্জ জিলাত এখন বাহনত উদ্ধাৰ হৈছে ১২ কোটিৰো অধিক মূল্যৰ হিৰ’ইন। কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে এই সন্দৰ্ভত সদৰী কৰা মতে, জব্দ হোৱা এই হেৰ’ইনখিনি আইজলৰ পৰা আহিছিল।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ৰাতাবাৰী থানাৰ অন্তৰ্গত ভেটাৰবণ্ড এলেকাত অভিযান আৰম্ভ কৰি চুবুৰীয়া মিজোৰামৰ পৰা অহা এখন বাহন আটক কৰে। তালাচী অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰামৰ ভিতৰত ৰখা ১.৫ কিলোগ্ৰামতকৈ অধিক হেৰ’ইন থকা ১২১ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।

আইজলৰ পৰা এই নিষিদ্ধ সামগ্ৰীখিনি আনি থকা ব্যক্তি দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।