সুৰামত্ত অৱস্থাত থকা প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকৰ অৱস্থা সংকটজনক

গুৱাহাটীৰ ৰুক্মিণীগাওঁত গৰাকী যুৱতীয়ে সুৰামত্ত অৱস্থাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰি ৯ জনকৈ শ্ৰমিকক আহত কৰিছিল সেই যুৱতী গৰাকী দৰাচলতে এগৰাকী প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্ট।

Miss Kolkata 2015 ৰ মুকুট পৰিধান কৰা ৰাজকন্যা বৰুৱাৰ পৰিচয় ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।

সুৰামত্ত যুৱতীগৰাকীৰ বাহনে মহতিয়াই নিছিল নিশাৰ ৰাজপথত কৰ্মৰত লোকনিৰ্মাণ বিভাগৰ ৯ জনকৈ শ্ৰমিকক।

সুৰামত্ত যুৱতী গৰাকীৰ বাহনখনে খুন্দিয়াইছিল লোক নিৰ্মাণ বিভাগৰ এখন বাহনো।

গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৯ জন শ্ৰমিকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰোৱা হয়।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
চিকিৎসকে প্ৰকাশ কৰা মতে এজন শ্ৰমিকৰ হয়তো ভৰি কাটি পেলাব লাগিব।

এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন শ্ৰমিকৰ এখন ভৰি চিগি যায়।

ইপিনে, নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰিছে সুৰামত্ত যুৱতী গৰাকীক।

যুৱতীগৰাকীৰ Chevrolet বাহনখনৰ নম্বৰ হৈছে  AS-01AG-2194।

ৰাজকন্যা বৰুৱাৰ ঘৰ মহানগৰীৰ বেলতলাত।

আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 279/338/294/353 ধাৰাত গোচৰ ৰুজু কৰিছে।