NORTHEAST NOW (Assamese)

সুৰাত মত্ত! খোৱা বস্তুত ড্ৰাগছ মিলাই তৰুণ শিক্ষয়িত্ৰীৰ লগত সম্ভোগ প্ৰধান শিক্ষয়িত্ৰীৰ

October 31, 2024 7:30 pm · এন ই নাও নিউজ
Updated: October 31, 2024 6:10 pm

মাত্ৰ পাঁচ দিন পূৰ্বে বিদ্যালয়ত যোগদান কৰিছিল শিক্ষয়িত্ৰী গৰাকীয়ে। নতুন চাকৰি খুবেই সুখী । কিন্তু বাইশ বছৰীয়া শিক্ষয়িত্ৰী ভাবিব পৰা নাছিল যে তেওঁৰ লগত এনেকুৱা হ’ব। তেওঁৰ অভিযোগ অনুসৰি পানীয়ৰ লগত মাদক দ্ৰব্য মিহলাই তেওঁক অচেতন কৰি পেলাইছিল। ইয়াৰ পিছত স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল!

এই ঘটনা সংঘটিত হৈছে চেন্নাইৰ ইঞ্জামবাক্কামত। তৰুণ শিক্ষয়িত্ৰীগৰাকীয়ে থিৰুৱনমিউৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৪০ বছৰীয়া প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তৰুণ শিক্ষয়িত্ৰীগৰাকীক ঘৰলৈ মাতি আনি আগন্তুক বিদ্যালয়ৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰে। সুযোগ বুজি শিক্ষয়িত্ৰী গৰাকীক পানীয়ৰ লগত ড্ৰাগছ মিহলাই খুৱাইছিল প্ৰধান শিক্ষয়িত্ৰীয়ে। তাৰপিছত তৰুণ শিক্ষয়িত্ৰীগৰাকী অচেতন হৈ পৰে।

কিন্তু যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিছিল তেতিয়া তেওঁ আধা উলংগ অৱস্থাত আাছিল। কেৱল সেয়াই নহয়, তেওঁৰ শৰীৰৰ কেইবাটাও অংশতো আঘাত পাইছিল। ইয়াৰ পিছত লগে লগে তেওঁ আৰক্ষীৰ কাষ চাপিল।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে শিক্ষয়িত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা কৰিছে।

কিন্তু তদন্তত আন এক তথ্য পোহৰলৈ আহিছে। তদন্তকাৰীয়ে জনোৱা মতে, অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তৰুণ শিক্ষয়িত্ৰীগৰাকীক অচেতন অৱস্থাত আঘাত কৰিছিল। দুয়োৱে ইজনে সিজনক বহুদিনৰ পৰা চিনি পাইছিল। বিগত দুবছৰত দুয়োজনে বিভিন্ন সময়ত ব্যক্তিগতভাৱে সাক্ষাৎ কৰি আহিছে।

অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত জামিনত মুকলি কৰি দিয়া হয়। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Related News