মাতাল আৰক্ষীৰ তাণ্ডৱ; হাতত উদ্যত বন্দুক লৈ প্ৰহাৰ পত্নী-কন্যাক

IMG-20190920-WA0022

পত্নী-কন্যাক আক্ৰমণ কৰা মাতাল আৰক্ষী জোৱান গৌতম দাস। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰ আৰক্ষীৰ এজন মাতাল আৰক্ষীৰ তাণ্ডৱত আহত হৈছে তেওঁৰ পত্নী আৰু কন্যা।পত্নী-কন্যাক আহত কৰা জোৱান জনৰ নাম হৈছে গৌতম দাস ৷

গৌতম দাস বৰ্তমান শিৱসাগৰ আৰক্ষী চাউনীত কৰ্মৰত।

মাতাল জোৱান গৌতম দাসে শুকুৰবাৰে বিয়লি নিজৰ কৰ্তব্যত ব্যৱহৃত একে-৪৭ ৰে পত্নী মনালিছা দাসৰ পিতৃ গৃহত তাণ্ডৱ সৃষ্টি কৰে ।

পূৰ্বৰ পৰাই সুৰাসক্ত আৰক্ষী জোৱানজনে পত্নী-সন্তানক দীৰ্ঘ দিনে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে।

আৰক্ষী জোৱান স্বামী গৌতম দাস আৰু শহুৰেক ৰামচৰণ দাসৰ যৌতুক দাবী আৰু শাৰিৰীক মানসিক নিৰ্যাতনত অতিষ্ঠ পত্নী তথা ৰামচৰণ দাসৰ বোৱাৰীয়ে ১১ মাৰ্চত শিৱসাগৰ সদৰ থানাত গৌতম দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল৷

উক্ত এজাহাৰৰ ভিত্তিত ১৮২/ ১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (এ) ধাৰাত এক গোচৰ ৰুজু হৈছিল।

সেই গোচৰৰে ২১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুনানি আছে।

উক্ত গোচৰৰ শুনানিত উপস্থিত নহ’বলৈ ভাবুকি দিবলৈ গৈ এজাহাৰ দাখিলৰ পাছৰে পৰা মাতৃগৃহত থকা পত্নী আৰু কন্যাক মাতাল কনিষ্টবলজনে বন্দুকেৰে আঘাত কৰে ৷

ইপিনে, এই ঘটনাত কনিষ্টবলজনক সহযোগ কৰে কনিষ্টবলজনৰ পিতৃ ৰামচৰণ দাসে।

কনিষ্টবলজনৰ বন্দুকৰ খুন্দাত গুৰুতৰভাবে আহত কন্যা অন্যনা দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ পেট আৰু হাতত আঘাত পাইছে পত্নী আৰু কন্যাই ৷

আনহাতে, হাতত এ কে ৪৭ লৈ য়ুনিফৰ্মত থকা এজন কনিষ্টবলে কেনেকৈ তাণ্ডৱ সৃষ্টি কৰিব পাৰিলে সেয়া ৰহস্যজনক।

বৰ্তমান পত্নী মনালিছা দাসে কনিষ্টবলজনৰ ওপৰত শিৱসাগৰ সদৰ থানাত এই ঘটনা সম্পৰ্কত আন এখন এজাহাৰ দাখিল কৰে।

ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে আৰক্ষী জোৱান গৌতম দাসক ৷ কিন্তু আৰক্ষী হোৱা বাবেই আটকাধীন অৱস্থাতো থানাৰ চৌহদৰ বাহিৰত বিনা বাধাই চলা ফিৰা কৰিবলৈ কনিষ্টবলজনে সুবিধা লাভ কৰাতো লক্ষ্যণীয় হৈ পৰিছে ৷

আশ্চৰ্যজনভাৱে, পত্নী-কন্যাক আক্ৰমণ কৰিবলৈ নিয়া এ কে-৪৭ৰ মেগজিন মাতাল কনিষ্টবলজনে ঘটনাস্থলীতে এৰি আহে ৷