মহানগৰীত যানজঁট নাইকিয়া কৰিবৰ বাবে বিশেষ পদক্ষেপ যান-বাহন আৰক্ষীৰ : কি এই পদক্ষেপ?

১৯ দিনত ১৪ লক্ষাধিক টকাৰ জৰিমনা সংগ্রহ মহানগৰ যান-বাহন আৰক্ষীৰ

210293-whatsapp-image-2020-06-29-at-60002-pm-770x482

কংক্ৰিটৰ মহানগৰীত যানজঁটৰ সমস্যা নতুন কথা নহয়। ব্যস্ত মহানগৰবাসীয়ে প্ৰতিদিনে তীব্ৰ যানজঁটৰ সমস্যাত ভুগি আহিছে তথা যান-বাহন আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে।

কিন্তু যানজঁটৰ সমস্যাৰ সমাধান সূত্ৰ এতিয়ালৈকে উলিয়াব পৰা নাই কোনেও।

তেনে সময়তে আজিৰে পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটীৰ পাণবজাৰস্থিত কাৰ্যালয়ত যান বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত প্ৰাণজিৎ বৰাই এক সংবাদমেল সম্বোধন কৰি মহানগৰবাসীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে।

নিৰ্দেশনা অনুসৰি অহা ২৭ মে’ৰ ভিতৰত যিসকল মহানগৰিকে নিজৰ পৰিত্যক্ত ব্যৱহাৰৰ বাবে অনুপযোগী বাহন পদপথ অথবা ৰাজপথৰ কাষত ৰখাই থৈছে সেইসমূহ আঁতৰাবলৈ কোৱা হৈছে।

অনথ্যা অহা ২৮ মে’ৰ পৰা যান-বাহন আৰক্ষী নিজেই অভিযানত নামি বাহনসমূহ জব্দ কৰিব বুলি বৰাই সংবাদমেলত হুংকাৰ দিয়ে।

গুৱাহাটীৰ পথসমূহ এশ শতাংশ ব্যৱহাৰৰ বাবে উচ্চস্তৰীয় আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বৰাই উল্লেখ কৰে।

আনহাতে, যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কোভিড নীতি প্ৰযোজ্য হোৱাৰ পাছৰে পৰা যোৱা ৪ মে’ৰ পৰা ২২ মে’লৈকে মহানগৰ আৰক্ষীয়ে মুঠ ১১৮৫ টা গোচৰ ৰুজু কৰাৰ লগতে ১৪,৮৪,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

ইপিনে, নন এফআইআৰ গোচৰ ৩২০০ টা ৰুজু হোৱাৰ লগতে নথি-পত্ৰ নথকা ৪৩৯ খন বাহন আৰক্ষীয়ে জব্দ কৰা বুলি তেওঁ জনায়।