কামৰূপ মেট্ৰ’ৰ ডিটিঅ’লৈ অনিয়মীয়া উপস্থিতি আৰু অনিয়ম সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী

Guwahati

কামৰূপ মেট্ৰ’ৰ ডিটিঅ’ আৰু জিলা পৰিবহণ কাৰ্যালয়ৰ সহকাৰী পৰিবহন আয়ুক্তলৈ কাৰ্যালয় চৌহদত ব্যাপক অনিয়ম আৰু অনিয়মীয়া উপস্থিতিৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে পৰিবহন বিভাগৰ আয়ুক্তই।

অসম চৰকাৰৰ পৰিবহন বিভাগৰ সচিব তথা পৰিবহন আয়ুক্ত আদিল খানে আজি কামৰূপ মেট্ৰ’ৰ কাৰ্যালয়ত হঠাতে উপস্থিত হৈ এই অনিয়ম ধৰা পেলায়।

ছাডেন ভিজিটৰ সময়ত আয়ুক্ত আদিল খানে জানিব পাৰে যে কাৰ্যালয়ৰ ৪২ গৰাকী কৰ্মচাৰীৰ ভিতৰত ২১ জনেই অনুপস্থিত আছিল।

লগে লগে আয়ুক্ত গৰাকীয়ে ডিটিঅ’ তথা সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসক এনে অনিয়ম সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰে।

জাননীখনত লগতে কৰ্মৰত অৱস্থাত মটৰ বাহন পৰিদৰ্শক (এমভিআই) গৰাকীও নিৰ্ধাৰিত ইউনিফৰ্মত নাছিল বুলি উল্লেখ কৰা হৈছে।

আনহাতে চৰকাৰী কামৰ বাবে কাৰ্যালয়লৈ যোৱা বহুলোকে তেওঁলোকৰ কাম দীৰ্ঘদিন ধৰি স্থগিত আছে বুলিও আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰে।

দাসক প্ৰদান কৰা জাননীখনত লগতে কোৱা হৈছে, “যেতিয়া অধীনস্থ বিষয়া বা কৰ্মচাৰীসকল অনুমোদন অবিহনে অনুপস্থিত থকা দেখা যায়, আপুনি তেওঁলোকৰ সময়ানুৱৰ্তীতা নিশ্চিত কৰাৰ বাবে কোনো পদক্ষেপ লোৱা নাই।”

ইয়াৰ ফলত সাধাৰণ নাগৰিক অসুবিধাৰ সম্মুখীন হয় আৰু সময়মতে প্ৰদান কৰিব লগা সেৱা বিলম্বিত হয় হয় বুলি জাননীত আঙুলিয়াই দিয়া হৈছে।

সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস কাৰ্যালয়ত সেৱা প্ৰদান স্বচ্ছ আৰু দায়বদ্ধ কৰাত ব্যৰ্থ হৈছে বুলি স্পষ্টৰূপত অভিযোগ কৰা হৈছে আৰু ইয়াৰ ফলত ব্যক্তিগত কাম সম্পন্ন কৰাৰ উদ্দেশ্যে সাধাৰণ ৰাইজৰ সমাগম কাৰ্যালয়ত যথেষ্ট বৃদ্ধি পাইছে বুলিও জাননীত উল্লেখ কৰা হৈছে।

এনে অনিয়ম সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ গৌতম দাসক ১০ দিনৰ সময় দিয়া হৈছে।