• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্বলিছে মণিপুৰ, নিশ্চুপ মোদী: প্ৰতিবাদ স্বৰূপে মোদীৰ অনুষ্ঠান বৰ্জন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 11:53 am
Manipur
753
VIEWS
Share on FacebookShare on Twitter

প্ৰায় দুমাহে অস্থিৰ হৈ আছে মণিপুৰ। হিংসাত্মক পৰিস্থিতিৰ পৰিণতিত অগ্নিগৰ্ভৰ মণিপুৰত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ পাছতো এতিয়ালৈকে মণিপুৰ সন্দৰ্ভত সম্পূৰ্ণ নিশ্চুপ প্ৰধানমন্ত্ৰী মোদী। মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ পৰিছে দেশৰ বিৰোধী তথা মণিপুৰবাসী।

এইবাৰ মণিপুৰৰ বিষয়ত মোদীৰ মৌনতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা। এই ক্ষোভৰ বহি:প্ৰকাশ হিচাপে বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদীৰ এক অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক সংগঠনটোৱে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা। শিক্ষক সংগঠনটোৱে এতিয়া সেই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

কংগ্ৰেছ সমৰ্থিত শিক্ষক সংগঠনটোৱে দাবী কৰিছে যে দুমাহৰো অধিক সময় ধৰি মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। ৰাজ্যৰ বহু লোকে প্ৰাণ হেৰুৱালে। কিন্তু, প্ৰধানমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত কোনো মন্তব্য শুনা নাযায়। তেওঁ সম্পূৰ্ণ নিমাত।

গতিকে শুকুৰবাৰৰ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত মণিপুৰৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বিৰুদ্ধে বুলি দাবী কৰিছে INTUC নামৰ শিক্ষক সংগঠনটোৱে। বুধবাৰে সংগঠনটোৱে জাৰি কৰা এক প্ৰেছ বিবৃতিত মণিপুৰৰ প্ৰতি ভাৰত চৰকাৰৰ উদাসীন মনোভাৱ অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

বিবৃতিটোত সংগঠনটোৱে কয় যে, দুমাহতকৈও অধিক সময় ধৰি মণিপুৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ বাবে বিশ্ববিদ্যালয়খনৰ বহু মণিপুৰী ছাত্ৰ-ছাত্ৰী মানসিকভাৱে হতাশগ্ৰস্ত হৈ পৰিছে। ৰাজ্যৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে তেওঁলোকে শিক্ষাৰ ওপৰত সঠিকভাৱে মনোনিৱেশ কৰিব পৰা নাই বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

“কিন্তু এনে পৰিস্থিতিৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এটাও শব্দ উচ্চাৰণ নকৰিলে। আনকি, পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছাক লৈও প্ৰশ্ন উত্থাপন হৈছে। মণিপুৰৰ প্ৰতিগৰাকী ব্যক্তি বিভিন্ন ধৰণে এই পৰিস্থিতিৰ ফলত প্ৰভাৱিত তথা আক্ৰান্ত হৈছে।– সংগঠনটোৱে লগতে কয়।

প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ এই উদাসীন মনোভাৱৰ বিৰুদ্ধে অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে বুলি INTUC- এ লগতে বিবৃতিটোত স্পষ্ট কৰি দিয়ে।

ইফালে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে। শুকুৰবাৰে হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি বহু কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ এক অংশই এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।

Recent News

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd