NORTHEAST NOW (Assamese)

কেৰালাত দুটুকুৰা হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান, পাইলটকে ধৰি কমেও নিহত ১৪

August 7, 2020 9:31 pm · এন ই নাও নিউজ
Updated: August 7, 2020 10:45 pm

এক ভয়ংকৰ বিমান দুৰ্ঘটনাই শুকুৰবাৰে সন্ধিয়া জোকাৰি গ’ল সমগ্ৰ দেশক।

ডুবাইৰ পৰা কেৰালাৰ কোঝিকোড অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান খনে কালিকট বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে ৰাণৱেৰ পৰা পিছলি পৰে বিমান খন।

ৰাণৱেৰ পৰা প্ৰায় ৩০ ফুট দূৰলৈ পিছলি যোৱা বিমান খন লগে লগে দ্বিখণ্ডিত হৈ পৰে।

আজি সন্ধিয়া ৭.৪০ বজাত সংঘটিত এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এগৰাকী পাইলটকে ধৰি কমেও ১৪গৰাকী লোক নিহত হৈছে।

গুৰুতৰভাৱে আহত হৈছে ১২৩গৰাকীতকৈয়ো অধিক যাত্ৰী।

বিমান খনত কমেও ১৪০ গৰাকী যাত্ৰী আছিল বুলি ধাৰণা কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে অৱতৰণৰ সময়তে বিমান খনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু কিছুদূৰ চুচৰি যোৱাৰ পিছতে বিমান খন দুফাল হৈ পৰে।

দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত যাত্ৰী সকলক মাল্লাপুৰমৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

যুদ্ধ সদৃশ পৰিবেশে বিৰাজ কৰা বিমান বন্দৰটোৰ ভিতৰলৈ কেৱল উদ্ধাৰকাৰীৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক হে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে।

বহু কেইগৰাকী আহত যাত্ৰীক কুণ্ডতি মাৰ্চি চিকিৎসালয়লৈ নিয়া হৈছে।

কেৰালাত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই বিমান খন ৰাণৱেৰ পৰা পিছলি পৰাৰ সন্দেহ কৰা হৈছে।

তদুপৰি কাৰিপুৰ বিমান বন্দৰ নামেৰেও পৰিচিত বিমান বন্দৰটোৰ ৰাণৱে এটা টিলাত অৱস্থিত। সেইবাবেই পাইলটৰ দৃষ্টি বিভ্ৰম ঘটিও দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

Related News