• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপেন্দ্ৰনাথ শৰ্মা: সাহিত্যই আছিল যাৰ প্ৰাণ

দুদুলমণি শৰ্মা by দুদুলমণি শৰ্মা
September 23, 2024 11:22 am
313
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ জুন মাহৰ কথা। কটন বিশ্ববিদ্যালয়ৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত এখন সভাত উপস্থিত আছোঁ। সভাখন আছিল পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যাপক বিশ্বজিত চক্ৰৱৰ্তী চাৰৰ স্মৃতিত আয়োজন কৰা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মঞ্চত কোনো বিশিষ্ট অতিথি নাই। উদ্যোক্তাসকলে দৰ্শকৰ মাজৰপৰাই এজন এজনকৈ বক্তাসকলক মঞ্চলৈ মাতি আছে। দুগৰাকীমান বক্তাই ভাষণ দিয়াৰ পাছত এইবাৰ মঞ্চত ভাষণ দিবলৈ যিগৰাকী বক্তাৰ নাম উদ্যোক্তাসকলে ল’লে মই শুনি হতবাক! উপেন্দ্ৰনাথ শৰ্মা চাৰ! এই ৯৪ বছৰ বয়সতো চাৰ সভাখনলৈ আহিছে! ভৰিদুখন চাৰৰ থৰক-বৰক। উদ্যোক্তাসকলে সেয়ে তেওঁক মঞ্চলৈ নগৈ তলৰপৰাই ভাষণ দিবলৈ ক’লে। কিন্তু চাৰে নামানিলে। তেওঁ কষ্ট কৰি হ’লেও মঞ্চলৈ উঠি গ’ল আৰু তেওঁতকৈ বয়সত কেবাবছৰৰো সৰু সহকৰ্মী বিশ্বজিত চক্ৰৱৰ্তীৰ সৈতে থকা তেওঁৰ মধুৰ সম্পৰ্কৰ কথা আন্তৰিকতাৰে স্মৰণ কৰি তেওঁলৈ শেষ শ্ৰদ্ধা যাঁচিলে।

চাৰে অৱশ্যে তাত বেছি সময় থকা নাছিল। গাড়ীচালক জনৰ হাতত ধৰি অতি সাৱধানেৰে তেওঁ সভাখনৰপৰা ওলাই আহিছিল। মই দুৱাৰমুখতে চাৰক গৈ মাত লগালোঁ – “চাৰ, চিনি পাইছেনে? মই দুদুলমণি।” “আৰে দুদুলমণি, কেনে আছা? বহুদিন তোমাক দেখাই নাই! আহিবাচোন!” “হয় চাৰ, নিশ্চয় যাম। আপোনাক যে এনেকৈ লগ পাম মই ভাবিবই পৰা নাছিলোঁ।”

হয়, কিমানদিন যে চাৰৰ সৈতে আমাৰ কোনো যোগাযোগেই নাছিল। অথচ এনেকুৱা কিছুমান দিন আছিল চাৰৰ ঘৰত ঘন্টাৰ পাছত ঘন্টা একেলগে বহি আমি সময় কটাইছিলোঁ। আমি মানে মই আৰু মোৰ সৈতে মূলতঃ পৰেশদা। কেতিয়াবা মই অকলে। চাৰে অনৰ্গল কথা কৈ গৈছিল। কেতিয়াবা আমাৰ দেৰি হ’লেও চাৰৰ কথাৰ মাজত হস্তক্ষেপ কৰিবলৈকে আমি সুবিধা নেপাইছিলোঁ। মাজতে বাইদেৱে চাহৰ যোগান ধৰিছিল। আৰু চাৰৰ কথাবোৰ কি আছিল! সাহিত্য-সংস্কৃতিৰ ভিন ভিন বিষয় বৈচিত্ৰ্যৰে ভৰা কথাবোৰ চাৰে যেতিয়া কৈ গৈছিল শুনি কেতিয়াও আমাৰ আমনি নেলাগিছিল। মাজে মাজে তেওঁৰ কথা শুনি আমি তন্ময় হৈ গৈছিলোঁ। কেতিয়াবা সৰু কালৰ কথা, বিশেষকৈ দেউতাক জয়দেৱ শৰ্মাৰ কথা চাৰে বৰ গৌৰৱেৰে কৈ গৈছিল। চাৰৰ দৰেই জয়দেৱ শৰ্মা আছিল নামনি অসমৰ এগৰাকী অতি নামজ্বলা কৃতী শিক্ষক।

চাৰক মই কেতিয়া প্ৰথম লগ পাইছিলোঁ? সম্ভৱ সেয়া ১৯৯০ চন মানৰ কথা। আমি অন্বেষাৰ পৰা প্ৰকাশ কৰা ‘ডেউকা’’ আলোচনীৰ বাবে লেখা বিচাৰি অসমৰ সেই সময়ৰ লেখা-মেলা কৰা চিৰিয়াছ আৰু মননশীল ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰিছিলোঁ। চাৰৰ লগতো ডেউকাৰ জৰিয়তেই আমাৰ প্ৰথম সম্পৰ্ক হৈছিল।  ডেউকাৰ একক বৈশিষ্ট্য আছিল ইয়াৰ কেন্দ্ৰীয় নিবন্ধ শিতানটো। এই শিতানটোত একোটা নিৰ্দিষ্ট বিষয়ৰ বিভিন্ন দিশ সামৰি কেবাটাও লেখা প্ৰকাশ কৰা হৈছিল যাতে বিষয়টো সন্দৰ্ভত পঢ়ুৱৈয়ে এক সম্যক দৃষ্টিভংগী ল’ব পাৰে। লেখকৰ সুবিধা হোৱাকৈ কেন্দ্ৰীয় নিবন্ধৰ অন্তৰ্গত প্ৰতিটো লেখাৰে কেতবোৰ মূল প্ৰতিপাদ্য বিষয় সম্পাদনা সমিতিত আগতীয়াকৈ ঠিক কৰি সেইবোৰ  নিৰ্দিষ্ট লেখকগৰাকীক দিয়া হৈছিল। আমি সেইবোৰক ‘কথাবিন্দু’ আখ্যা দিছিলোঁ।  ডেউকাৰ প্ৰথম সংখ্যাৰ কেন্দ্ৰীয় নিবন্ধ আছিল ‘লক্ষ্মীনাথ বেজবৰুৱা’। চাৰে ‘বেজবৰুৱাৰ সাহিত্য বিচাৰ’ শীৰ্ষক এটি লেখা লেখিছিল। আমি যিহেতু কথাবিন্দুবোৰ আগতীয়াকৈ চাৰকো দিছিলোঁ চাৰে সেইমতে লেখিবৰ বাবে একেটা লেখাকে কেইবাবাৰো শুধৰাইছিল। আমি মন কৰিছিলোঁ নিজৰ লেখা মনঃপুত নহ’লে প্ৰয়োজনত শুধৰাবলৈ তেখেতে অকণো কুণ্ঠাবোধ কৰা নাছিল। আজিকালিৰ বহু লেখকৰ মাজত দেখা পোৱা তথাকথিত ভেম-অহংকাৰ চাৰৰ অকণো নাছিল।

ডেউকাত চাৰৰ লেখা পাছলৈকো অব্যাহত থাকিল। মূলতঃ সাহিত্য সম্পৰ্কীয় লেখা-মেলাই চাৰে ডেউকাত কৰিছিল। একাদশ সংখ্যাৰ ডেউকাৰ কেন্দ্ৰীয় নিবন্ধৰ বিষয় আছিল ‘অসমীয়া চুটি গল্প’। চাৰে ‘পাশ্চাত্যৰ আলোকত অসমীয়া চুটি গল্প’’ শীৰ্ষক এটা মূল্যবান লেখা লিখিছিল। একেদৰে দ্বাদশ সংখ্যাৰ কেন্দ্ৰীয় নিবন্ধ ‘সূৰ্য্যকুমাৰ ভূঞা আৰু বেণুধৰ শৰ্মা জন্মশতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ্য’ৰ অংশ হিচাপে চাৰে ‘ডঃ সূৰ্য্যকুমাৰ ভূঞাৰ সাহিত্যিক অৱদান’ শীৰ্ষক এটি প্ৰবন্ধ লেখিছিল।

সেই যে চাৰৰ সৈতে আমাৰ সম্পৰ্ক আৰম্ভ হৈছিল সেয়া পাছলৈ বহু বছৰ ধৰি চলি থাকিল। চাৰৰ ঘৰলৈ মোৰ অহা-যোৱাও চলি থাকিল। চাৰহঁতৰ গলিটোতে আৰু এজন আমাৰ শুভাকাংক্ষী ব্যক্তি আছিল। তেখেতৰ নাম আছিল বশিষ্ঠদেৱ ফুকন। তেখেতো কটন কলেজৰে অধ্যাপক আছিল। পাছলৈ ছেবাৰ শিক্ষা বিষয়া হৈছিল। আমি আয়োজন কৰা সভা-সমিতিবোৰত এই দুগৰাকী ব্যক্তি উপস্থিত থকাটো প্ৰায় নিশ্চিত আছিল। এই দুগৰাকী ব্যক্তিৰ ঘৰলৈ যোৱাৰ আগতে ওচৰতে থকা আৰু এগৰাকী ব্যক্তিৰ ঘৰলৈকো আমি কেতিয়াবা গৈছিলোঁ। তেখেত আছিল অসমৰ এগৰাকী বিশিষ্ট আইনজীৱী পাচুগোপাল বৰুৱা। গান্ধীবস্তিৰ সেই ঠাইডোখৰলৈ এটা সময়ত আমি কম অহা-যোৱা কৰা নাছিলোঁ!

ডেউকা আলোচনীখন  আৰু অন্বেষাৰ অন্যান্য কাম-কাজৰ জৰিয়তে অসমৰ ইমূৰৰপৰা সিমূৰলৈ কিমান মানুহৰ লগত যে আমাৰ সম্পৰ্ক নহ’ল! এতিয়াও বহুতৰে লগত এই সম্পৰ্ক আমাৰ অটুট আছে। কিন্তু কিয় জানো চাৰৰ সৈতে আমাৰ সম্পৰ্কটো আগৰ দৰে সক্ৰিয় হৈ নাথাকিল। হয়তো ডেউকা আলোচনীখন বন্ধ হৈ পৰাটোৱেই তাৰ মূল কাৰণ আছিল।

যদিও চাৰ আৰু আমাৰ মাজৰ ঘনিষ্ঠতা পাছলৈ কিছু কমিবলৈ ল’লে তথাপি চাৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱা আমাৰ কিন্তু পূৰামাত্ৰাই অটুট আছিল। হয়তো সেইবাবেই কটন কলেজৰ সেই অনুষ্ঠানটোত চাৰক এষাৰ মাত লগাবলৈ মই দৌৰি আগবাঢ়ি গৈছিলোঁ।

ওৰেটো জীৱন চাৰে সাহিত্য আৰু সংগীত চৰ্চা কৰিয়েই পাত কৰিলে। পাশ্চাত্য সাহিত্য আৰু ভাৰতীয়, বিশেষকৈ বাংলা সাহিত্যত চাৰৰ দখল আছিল অসামান্য। অসমীয়া সমালোচনা সাহিত্যলৈ চাৰৰ অৱদান সম্ভৱতঃ সাহিত্যৰ আন ক্ষেত্ৰবোৰৰ তুলনাত আটাইতকৈ বেছি। চাৰৰ সাহিত্য সমালোচনাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ’ল পাশ্চাত্য  সাহিত্যৰ আলোকত অসমীয়া সাহিত্যৰ আলোচনা আৰু সেয়া কৰিছিল অতি সহজ-সৰল ভাষাত। তাত কোনো পণ্ডিতালি নাছিল অথবা সেয়া শিক্ষাসদীও নাছিল। মূল্যায়ন আছিল যথাযথ আৰু বস্তুনিষ্ঠ। সেই কাৰণেই লক্ষ্মীনাথ বেজবৰুৱাক নৱন্যাস যুগৰ ভাৰতীয় সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে অভিহিত কৰিলেও তেওঁ বেজবৰুৱাক চেখভ, মোপাছাঁ বা প্ৰেমচান্দ, ৰবীন্দ্ৰনাথৰ শাৰীত থোৱা নাছিল। জীৱনৰ শেষলৈকে অৰ্থাৎ ৯৫ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰখাটো অতি বিৰল বুলিয়ে ক’ব লাগিব। আনকি আইচিইউত থাকোঁতেও তেওঁ জীৱনানন্দৰ ‘বনলতা সেন’ কবিতাটো আবৃত্তি কৰিছিল বুলি সেইদিনা বাইদেৱে কোৱা মোৰ মনত পৰে। চাৰ সংগীতৰো এজন অতি ৰসজ্ঞ ব্যক্তি আছিল।

আজিকালি প্ৰায়ে পৰেশদা অথবা মোৰ বন্ধুবৰ্গৰ সৈতে হোৱা আলোচনাত বয়সে ভাটি দিয়া অথচ চিন্তা আৰু কৰ্ম বা লেখা-মেলাত যতি নপৰা নব্বৈ উৰ্ধৰ ব্যক্তিসকলৰ নাম মনত পেলাবলৈ যত্ন কৰোঁ। উপেন্দ্ৰনাথ শৰ্মা, যতীন হাজৰিকা, লক্ষহীৰা দাস, যতীন গোস্বামী,  কুলদা কুমাৰ ভট্টাচাৰ্য আৰু চোন নাম মনলৈ নাহে! এতিয়া এই তালিকাখনৰ পৰা আৰু এজনৰ নাম কাটিবলগা হ’ল।

যোৱা প্ৰায় চাৰিটা দশক ধৰি অসমৰ সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক ঘটনা-প্ৰৱাহৰ সৈতে ঘনিষ্ঠভাৱে আমি জড়িত হৈ আছোঁ। আমি আমাৰ সাধ্যানুসাৰে যি পাৰোঁ হস্তক্ষেপ কৰিবলৈও চেষ্টা কৰিছোঁ। আমাৰ এই যাত্ৰাপথত চাৰৰ দৰে ব্যক্তিসকলেই আছিল আমাৰ প্ৰেৰণা। তেখেতসকলৰ উমাল সান্নিধ্য, দেশ আৰু জাতিটোৰ প্ৰতি থকা নিভাঁজ প্ৰেম আৰু সৰ্বোপৰি, মানুহ আৰু মানৱতাৰ প্ৰতি থকা টানে আমাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। এতিয়া এটা কথা ভাবি মনলৈ কিবা এটা বিষাদবোধ আহে। এই নিভাঁজ, নিঃস্বাৰ্থ মানুহবোৰ যে লাহে লাহে নোহোৱা হৈ যাব ধৰিছে!

আজি কিছুদিন আগতে কিবা এটা কথাত কীৰ্তিকমল ভূঞাদাদাক ফোন কৰোঁতে গম পালোঁ উপেন্দ্ৰনাথ শৰ্মা চাৰ ঘৰতে বাথৰুমত পৰি মূৰত আঘাতপ্ৰাপ্ত হৈ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। মই লগে লগে বাইদেউলৈ ফোন কৰি সবিশেষ খবৰ ল’লোঁ। যিহেতু তেতিয়া তেওঁ আইচিইউত আছিল, সেয়ে তেতিয়াই তেওঁক লগ ধৰিবলৈ যোৱাটো উচিত বিবেচনা নকৰিলোঁ। বাইদেৱেও ক’লে, অলপ ভাল পালেই মই তোমাক জনাম।

কেইদিনমান পাছত আকৌ খবৰ লওঁতে বাইদেৱে ক’লে, আমি তেখেতক ঘৰলৈকে লৈ অনাৰ কথা ভাবিছোঁ, আনিলেই তোমাক খবৰ দিম। দহ ছেপ্তেম্বৰ তাৰিখে বাইদেৱে মেছেজ কৰি জনালে, “তোমাৰ ছাৰক ঘৰলৈ অনা হ’ল।  Brainor কোনো problem নাই।  সকলোকে চিনি পাইছে।  Memory একেবাৰে ঠিক আছে। কিন্তু বুকুত যথেষ্ট কফ আছে,  আৰু নাকেদিহে খুৱাই থকা হৈছে।” মই বোলোঁ, ঠিক আছে বাইদেউ, আৰু অলপ ভাল পালেই মই যাম। কিন্তু তেৰ তাৰিখে চাৰৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু সেইদিনাই সন্ধিয়া চাৰে মৃত্যু বৰণ কৰে। 

আজিৰপৰা এবছৰ আগেয়ে সেই যে কটন বিশ্ববিদ্যালয়ত চাৰক লগ পাইছিলোঁ, তেতিয়াই চাৰক কৈছিলোঁ, আপোনাৰ তালৈ চাৰ গৈ আছোঁ। কিন্তু মোৰ আৰু সেই যোৱাটো হৈ নুঠিল। জীৱিত অৱস্থাত চাৰক শেষৰফালে মই লগ নাপালোঁ। এতিয়া এক অক্ষমনীয় অপৰাধবোধত মই ভুগি আছোঁ।  জীয়াই থকালৈকে হয়তো এই অপৰাধবোধে মোক দংশি থাকিব।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd