ধাৰত চৰকাৰ : আৰ্থিক সংকটৰ বাবে সীমিত পৰিমাণৰ ধন অনুমোদন দিয়া হ’ব চৰকাৰী বিভাগসমূহলৈ

ৰাজ্যৰ অৰ্থনৈতিক বিকাশত চূড়ান্তভাবে ব্যৰ্থ হৈছে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উৎপাদনহীনতাই গ্ৰাস কৰিছে ৰাজ্যৰ আৰ্থসামাজিক স্থিতি। ১ লাখ ৩০ হাজাৰ কোটি টকাৰ ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ। চলিত মাহতে আকৌ ১,৬০০ কোটি টকা ধাৰ ল’বলৈ বাধ্য হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শাসনাধীন চৰকাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ পিছত ধাৰত ডুবাইছে ৰাজ্যৰ অৰ্থনীতিক। ধাৰ লৈ অভিলেখ গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ, আধাৰ শিলা নিৰ্মাণ, বিভিন্ন উৎপাদনহীন আঁচনি আদিৰে ৰাইজৰ টকা খৰচ কৰি সাং কৰিছে ৰাজ ভঁৰাল। বিত্ত বিভাগৰ শেহতীয়া নিৰ্দেশনাই উদঙাইছে ৰাজ্যৰ অৰ্থনীতিৰ অৱস্থা।

সীমিত আৰ্থিক সম্পদৰ বাবে চৰকাৰী বিভাগৰ বাবে বিত্ত বিভাগৰ পৰা বন্ধ কৰা হৈছে অতিৰিক্ত পুঁজিৰ ব্যৱস্থা। সীমিত পুঁজিৰ কথা চিন্তা কৰি নতুন বৰ্ষৰ প্ৰস্তাৱিত বাজেট নিৰ্ধাৰণ কৰিবৰ বাবে চৰকাৰী বিভাগ সমূহক নিৰ্দেশ দিছে ৰাজ্যৰ বিত্ত বিভাগে।

উল্লেখ্য যে আমাৰ অসমৰ আৰু অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ২১ জানুৱাৰী তাৰিখে ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই চৰকাৰৰ সকলো বিভাগক উৎপাদনহীন আঁচনি সমূহত ধন ব্যয় নকৰিবলৈ তথা উৎপাদনহীন আঁচনিৰ বাবে বাজেটৰ প্ৰস্তাৱ নিদিবৰ বাবে কঠোৰ সকীয়নি দি নিৰ্দেশনা জাৰি কৰিছিল।

এই নিৰ্দেশনাৰ পিছতেই আকৌ যোৱা ২৮ জানুৱাৰীৰ দিনা বিত্ত বিভাগৰ আয়ুক্তসচিব জয়ন্ত নাৰ্লিকাৰেও জাৰী কৰিছে আন এক নিৰ্দেশনা। EFC 22680/309 নম্বৰৰ এই নিৰ্দেশনাৰ দ্বাৰা চৰকাৰী বিভাগসমূহক ৰাজ্যৰ আৰ্থিক দিশলৈ লক্ষ্য কৰি সীমিত বাজেটৰ প্ৰস্তাৱ আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে বিত্ত বিভাগৰ আয়ুক্ত সচিব গৰাকীয়ে সকীয়াই দিছে যে বাজেটৰ প্ৰস্তাৱ এবাৰ অনুমোদন হোৱাৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰী বিভাগসমূহক দিয়া নহব। গতিকে কেৱল উৎপাদনশীল আঁচনিৰ বাবেহে বাজেটৰ প্ৰস্তাৱ আগবঢ়াবলৈ নিৰ্দেশ দিছে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাই। ইয়াৰ উপৰি নিৰ্দেশনা পত্ৰখনত বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে অনাগত বিত্তীয় বৰ্ষৰ বাবে চৰকাৰী বিভাগসমূহে প্ৰস্তাৱিত ৰাজ্যিক অগ্ৰাধিকাৰমূলক শিতানত মুঠ ৩০,৬০২ কোটি টকাৰ ভিতৰতহে উন্নয়নৰ আঁচনি প্ৰস্তত কৰিব পাৰিব। লগতে পুৰণি আঁচনি সমূহৰ অনুমোদনৰ ক্ষেত্ৰতো পুনৰ পৰ্যালোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে পত্ৰখনত।

এতিয়া সচেতন নাগৰিকৰ মাজত সততে প্ৰশ্ন উত্থাপন হৈছে, চৰকাৰে হিতাধিকাৰীকে ধৰি চমক সৃষ্টিৰ বাবে হাতত লোৱা না না উৎপাদনবিহীন আঁচনি সমূহৰ ক্ষেত্ৰত কিয় ইমান দিনে সাৰ পানী যোগাই আহিছিল ৰাজ্যৰ বিত্ত বিভাগে? দক্ষতা বিকাশ আৰু উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিগত দুটা কাৰ্যকালত চুড়ান্তভাবে বিফল হ’ল নেকি অসম চৰকাৰ? ৰাজ্য অৰ্থনৈতিক দিশটোক সংকটৰ মুখলৈ থেলি দি অন্ধকাৰ ভৱিষ্যতলৈ এৰি দিব খোজা হৈছে নেকি ৰাজ্যখনক? বিত্ত বিভাগৰ এই নিৰ্দেশনাৰ পিছতেই এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হোৱা দেখা গৈছে।