NORTHEAST NOW (Assamese)

দুলীয়াজানত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অইলৰ চুৰি কণ্ডেনচেট তেল জব্দ

May 5, 2020 11:30 am · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

সান্ধ্য আইনৰ মাজতে সোমবাৰে নিশা দুলীয়াজানত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অইলৰ চুৰি কণ্ডেনচেট তেল জব্দ হয়।

নামৰূপৰ উপ আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য্য আৰু দুলীয়াজান আৰক্ষী থানাৰ পৰিৰ্দশক ৰূপজ্যোতি দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি  বৃহৎ দলে দুলীয়াজানৰ দুই নং নাওহলীয়া অঞ্চলৰ বলাই মজুমদাৰ আৰু পৰেশ মজুমদাৰৰ ঘৰত অভিযান চলাই অবৈধ ভাৱে মজুত কৰি থোৱা অইলৰ চুৰি কণ্ডেনচেট তেল উদ্ধাৰ কৰে।

আৰক্ষীয়ে দুয়োজন লোকৰ ঘৰৰ পৰা মুঠ সাত হেজাৰ লিটাৰ অইলৰ চুৰি কণ্ডেণচেট তেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযান কাৰী আৰক্ষীৰ দলে অসাধু ব্যৱসায়ী বলাই মজুমদাৰৰ ঘৰৰ পৰা প্ৰায় পোন্ধৰশ লিটাৰ আৰু পৰেশ মজুমদাৰৰ ঘৰৰ পৰা ৫৫০০ লিটাৰ অৰ্থাৎ মুঠ সাত হেজাৰ লিটাৰ চুৰি তেল জব্দ কৰে।

আৰক্ষীয়ে অইলৰ এই তেল চুৰি কাৰ্যৰ লগত জড়িত বলাই মজুমদাৰক আটক কৰাৰ বিপৰীতে আনজন অপৰাধী পৰেশ মজুমদাৰ পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

Related News