NORTHEAST NOW (Assamese)

প্ৰদ্যুত বৰদলৈ আৰু ৰূপজ্যোতি কুৰ্মীয়ে দলৰ দায়িত্ব লোৱাটো বিচাৰে দুলু আহমেদে

April 22, 2020 12:56 pm · কল্পজ্যোতি শইকীয়া
কংগ্ৰেছ নেতা দুলু আহমেদৰ ফাইল ফটো।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে প্ৰায়ে সংঘাতত লিপ্ত হৈ অহা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদে এইবাৰ দলীয় নেতৃত্ব সলনিৰ দাবী তুলিছে।

হাজো সমষ্টিত কংগ্ৰেছৰ গুৰি ধৰোতা দুলু আহমেদে মঙলবাৰে এক ফেইচবুক প’ষ্টৰ জৰিয়তে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যতি কুৰ্মীক দলীয় নেতৃত্ব দিব লাগে বুলি মন্তব্য কৰিছে।

ফেইচবুক প’ষ্টটোত আহমেদে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কামৰ প্ৰসংগ উল্লেখ কৰি লিখিছে, “আচলতে আপোনালোকৰ নিচিনা সৎ, নিষ্ঠাবান নেতাই দলৰ নেতৃত্ব লোৱাৰ প্ৰয়োজন আহি পৰিছে।”

তেওঁৰ এই মন্তব্যৰ পৰা পুনৰবাৰ প্ৰতিফলিত হৈছে যে তেওঁ বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বক লৈ মুঠেই সন্তুষ্ট নহয়।

উল্লেখ্য যে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক কুৰ্মীয়ে লকডাউনৰ বাবে খাদ্য তথা আৰ্থিক সংকটত পৰা নিজ নিজ সমষ্টিৰ দুখীয়া লোকসকলক সহায় কৰি আছে।

দুলু আহমেদে দিয়া ফেইচবুক প’ষ্টৰ স্ক্ৰিনশ্বট

সাংসদ বৰদলৈয়ে সমষ্টিটোৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ ১১ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক তেওঁৰ ব্যক্তিগত পুঁজিৰে প্ৰায় ৫০ লাখ টকাৰ বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

ঠিক সেইদৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও সমষ্টিৰ অন্তৰ্গত ১৮ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক নিজৰ বিধায়ক পুঁজিৰ পৰা ৫০০ টকাকৈ প্ৰায় ৯০ লাখ টকা বিতৰণৰ কথা ঘোষণা কৰে।

এই সহায় কৰা বিষয়টো ফেইচবুকত উল্লেখ কৰি দলৰ নেতৃত্ব এই দুজন নেতাক দিয়াৰ প্ৰয়োজন বুলি মুকলিকৈ কৈছিল দুলু আহমেদে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশজুৰি যি ত্ৰাস চলি আছে তাৰ বিৰুদ্ধে শাসক-বিৰোধী একত্ৰিত হৈ যুঁজ দি থকাৰ মাজতে দলীয় নেতৃত্ব সলনি কৰিব বিচাৰি দিয়া ফেইচবুক পোষ্টটোৱে এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ সৃষ্টি কৰিছে।

Related News