NORTHEAST NOW (Assamese)

বিজেপিৰ টেগসম্বলিত ৫টা ইভিএম উদ্ধাৰ! তৃণমূলে সামাজিক মাধ্যমত বিলালে ফটো

May 26, 2024 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 26, 2024 2:45 pm

ষষ্ঠ পৰ্যায়ৰ ভোটদান বংগকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠাত হয়। আন সময়ৰ দৰে এই পৰ্যায়তো কিছুমান ঠাইত ইভিএম বেয়া হয়, প’লিং এজেণ্টক অপহৰণ কৰা হয়, দলীয় সমৰ্থকক আটক কৰা হয়, ৰাজনৈতিক দলৰ নেতাই এজন মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰে। কিন্তু এই সকলোবোৰৰ মাজতে শাসকীয় দল তৃণমূলে বিস্ফোৰক তথ্য ফাদিল কৰিলে, যিয়ে বিজেপিক অস্বস্তিৰ পেলাইছে।

শনিবাৰে ভোটগ্ৰহণৰ সময়ত তৃণমূল কংগ্ৰেছৰ এক্স হেণ্ডেলৰ পৰা এটা পোষ্ট আপলোড কৰা হয়। ইভিএমৰ লগত ৰিগিং কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াক তৃণমূলে জনাইছে যে, “মমতা বেনাৰ্জীয়ে বাৰে বাৰে আঙুলিয়াই দিছে যে তেওঁলোকে কেনেকৈ ইভিএমত ৰিগিং কৰিবলৈ চেষ্টা কৰিছিল।আৰু আজি বাংকুৰাৰ ৰঘুনাথপুৰত বিজেপিৰ টেগ থকা ৫ টা ইভিএম পোৱা গ’ল। নিৰ্বাচন আয়োগে অনতিপলমে বিষয়টো চোৱাচিতা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাঁচ পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে।কালি ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয়। আঠখন ৰাজ্যত ভোটদান অনুষ্ঠিত হয়।এই পৰ্যায়ত ১১.১৩ কোটিৰো অধিক ভোটাৰে ৮৮৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

Related News