NORTHEAST NOW (Assamese)

চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ আৰু মিনি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ : দুজনৰ অৱস্থা সংকটজনক

February 10, 2021 5:34 pm · বিদ্যুত জ্যোতি বৰা
Updated: February 10, 2021 5:38 pm

বুধবাৰে  নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্গটনা।

ঘটনাৰ বিৱৰণীৰ মতে যোৰহাটৰ পৰা চামগুৰিৰ সোনাৰিবালি অভিমুখে আহি থকা এ এছ ০৩ চি চি ০৮৯৭ নম্বৰৰ চুফাৰি ভৰ্ত্তি মিনি ট্ৰাকখনৰ লগত কঠালগুৰিৰ পৰা আমনিৰ দিশে গৈ থকা এ এছ ০২ বি চি ৪৪৮৪ নম্বৰৰ শিল ভৰ্ত্তি ডাম্পাৰখনৰ লগত ৰঙাগড়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ ঘটে ।

মিনি ট্ৰাকখনৰ চালক আজিমুদিন (৩২) আৰু ইদিছ আলীক (২১) সংকটজনক অৱস্থাত চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুয়োগৰাকী আহত ব্যক্তিৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰুচিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

আহত দুয়োগৰাকী লোকৰ ৰ ঘৰ গোলাঘাট জিলাত বুলি আৰক্ষীই জানিবলৈ দিয়ে।

Related News