গ্ৰেপ্তাৰ হ’ল চলমান খান; চলমানক চাবলৈ অহা অনুৰাগীয়ে সৃষ্টি কৰিলে যানজঁটৰ

গ্ৰেপ্তাৰ হ’ল চলমান খান। দেওবাৰে লক্ষ্ণৌৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভাইজানক। কিন্তু ৰ’ব। আচল ভাইজানক নহয়, আৰক্ষীৰ হাতত ধৰা পৰিছে এজন নকল ভাইজানহে।

লক্ষ্ণৌনিবাসী আজম আনচাৰী নামৰ দেখিবলৈ চলমান খানৰ দৰে হুবহু লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজহুৱা স্থানত এটা ভিডিঅ’ দৃশ্যগ্ৰহণ কৰা বাবে।

উল্লেখযোগ্য যে চলমান খানৰ নকল হিচাপে সামাজিক মাধ্যমযোগে প্ৰচুৰ জনপ্ৰিয়তা আহৰণ কৰি আহিছে আনচাৰীয়ে।

চলমান খানৰ গানত তেওঁ কৰা লিপচিন্সিং আৰু নৃত্যৰ ভিডিঅ’সমূহ ভাইৰেল হৈ আহিছে। দেওবাৰেও লক্ষ্ণৌস্থিত বিখ্যাত ক্লক টাৱাৰত ইনষ্টাগ্ৰাম ৰীল ভিডিঅ’ৰ শ্বুটিং কৰি আছিল আনচাৰীয়ে।

কিন্তু তাৰমাজতে শ্বুটিংস্থলীত অজস্ৰ ভিৰ হ’ব ধৰে। নকল চলমান খানক চাবলৈ অহা মানুহেৰে ঠাইখিনিত যানজঁট আৰম্ভ হয়। সেয়ে আৰক্ষী আহি উপস্থিত হয় আৰু আনচাৰীক আটক কৰে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাতে আছে।