NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৰজাদিনীয়া পৰম্পৰাৰে শাৰদীয় দুৰ্গা পূজা

October 4, 2019 8:40 am · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

আজি মহা ষষ্ঠী। ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰা জিলাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আৰম্ভ শাৰদীয় দুৰ্গা পূজা।

কৃত্ৰিমতাক পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে সম্পূৰ্ণ ৰজাদিনীয়া পৰম্পৰাৰে অনুষ্ঠিত হোৱা টুক্ৰেশ্বৰী দেৱালয়ত পূজাৰ আটাইকেইটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্ত প্ৰাণ লোকে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰিব।

এইবাৰৰ পূজাত প্লাষ্টিক মুক্ত হ’ব টুক্ৰেশ্বৰী দেৱালয়। টুক্ৰেশ্বৰী দেৱালয় পৰিচালনা সমিতি উদ্যোগত কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানে দেৱালয়ৰ চৌহদত “go green go digital ” নামৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজক পৰিবেশৰ বিষয়ে সজাগ কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱা মহা ষষ্ঠী পূজাৰ অন্তত সন্ধিয়া বেলবৰণ হৱ দেৱালয়ত। ৰজাদিনীয়া পৰম্পৰা অনুসৰি দেৱালয়ৰ সমীপৰ হাদী গাঁৱৰ এডাল বিশেষ বেল গছৰ পৰা সম্পূৰ্ণ নীতি-নিয়মৰ মাজৰে বেলবৰণ কৰি অনা হ’ব দেৱালয় খনলৈ ৷

১৭০০ শতিকাত তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনতে আৰম্ভ হোৱা এই শাৰদীয় দুৰ্গা পূজা মৃন্ময় মূৰ্তি অবিহনেই চলি আহিছে।

মহা নৱমীত হাহঁ,পাৰ, কুহিয়াৰ, কোমোৰা আৰু ম’হ বলিদান হ’ব। উল্লেখনীয় কথাটো হ’ল মহা নৱমীত হোৱা ম’হ বলিৰ ৰক্ত পান কৰিব দেৱালয়খনৰ কপি কুলে। ইও এক পৰম্পৰা টুক্ৰেশ্বৰী দেৱালয়ৰ।

ইতিমধ্যে মহা ষষ্ঠীৰ পৰা আৰম্ভ হোৱা শাৰদীয় দুৰ্গা পূজাৰ মহা নৱমীৰ ম’হ বলি চাবলৈ লাখ লাখ ভক্তপ্ৰাণ লোকৰ আগমন ঘটে দেৱালয়খনত।

বিগত বছৰ সমূহৰ দৰে এই বেলিও দুই লক্ষধিক ভক্তপ্ৰাণ লোকৰ ভিৰ হ’ব বুলি দেৱালয় পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে।

Related News