যা দেবী সর্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।
আৰম্ভ হল লক্ষ লক্ষ জনতাৰ আকাংক্ষিত ধৰ্মীয় উৎসৱ শাৰদীয় দূৰ্গা পূজা ৷ পিছে ক’ডিড ১৯ সৃষ্ট মহামাৰীৰ সন্ত্ৰাস আৰু প্ৰতিকুল বল ম্লান কৰিলে উৎসৱৰ সকলো আনন্দ উল্লাস ৷
চতুৰ্দিশে নিমাওমাও পৰিবেশ ৷ নাই কোনো চকু চাত মাৰি ধৰা পেণ্ডেল,নাই ঢাক ঢোলৰ ৰজনজননি ৷ দোকান-পোহাৰ-মেলা-প্ৰদৰ্শনী একোৰে ব্যৱস্থা নাই কোনো এখন পূজাথলীত ৷
সকলো পূজা সমিতিয়ে চৰকাৰী কৰ্তৃপক্ষই বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনাৰ মাজত মাথোঁ পৰম্পৰা ৰক্ষা কৰিবলৈহে যেন আয়োজন কৰিছে শাৰদ উৎসৱ ৷
গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ সদৰৰ ৩৫ খন পূজা মণ্ডপকে ধৰি জিলাখনত এইবেলি মুঠ ১২৫ খন মণ্ডপত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷
তাৰ মাজতে সকলো পূজা সমিতিয়ে কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰী নীতি নিৰ্দেশনা যাতে কোনো কাৰণতে ভংগ নহয় ৷
জিলাখনৰ ঐতিহাসিক শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়তো ৰজা দিনীয়া পৰম্পৰা ৰক্ষা কৰি আৰম্ভ হল দূৰ্গা পূজা৷
মহাষষ্ঠী পূজাৰ অন্তত ৰজা দিনীয়া পৰম্পৰা মানি দেৱালখনৰ কাষৰীয়া হাদীগাৱঁৰ এডাল বিশেষ বেল গছাৰ পৰা বেল আদৰি আনি আজি ৰাতিপুৱা আৰম্ভ কৰিছে মহাসপ্তমী পূজা ৷
ষষ্ঠীৰ পূজা সামৰি পুৰোহিতৰ দল এটা ঢ়লে-দগৰে কাষৰীয়া হাদীগাৱঁৰ পৰা বেল লৈ অহাতো এক ৰজাদিনীয়া নিয়ম ৷ কাইলৈ মহানৱমী গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় হাহঁ, ছাগলী,কমোৰা,কুহিয়াৰ,পাৰচৰাই ,ম’হ আদিকে ধৰি অনুষ্টিত হব লক্ষ্য বলি ৷
এইবাৰ দেৱালয় খন তিনিটাকৈ ম’হ বলি দিয়া হব ৷
ইপিনে দেৱালয় খনৰ ৰজাদিনীয়া পৰম্পৰাৰ ৰক্ষা কৰি মহানৱমীৰ বলিৰ তেজ পান কৰিব দেৱালয়ৰ কপি কুলে ৷ দেৱালয় পৰিচালনা সমিতিয়ে ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিদ ১৯ৰ সকলো নীতি নিয়ম পালন কৰাৰ বাবেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷
সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক দেৱালয় প্ৰাংগণত অনাহক ভিৰ নকৰি নিজ নিজ ঘৰৰ পৰাই মাৰ চৰণত সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে৷