আগন্তুক নিৰ্বাচনত অগপ কোনো ‘ফেক্টৰ’ নহয় : প্ৰশান্ত ফুকন

মাজুলীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত অগপক তুলাধুনা বিধায়ক ফুকনৰ

WhatsApp Image 2018-11-26 at 11.42.32 AM

হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ কৰি লৈছে অগপক। নিৰ্বাচনী প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত হোৱা বিধায়কজনে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ কোনো ‘ফেক্টৰ’ নহয় । অগপ ৰ গাত যি চেকা লাগি আছে সেইয়া কোনো ধৰণৰ  ‘ডিটাৰজেন্টে’ও আঁতৰাব নোৱাৰে । সিফালে অগপৰে মিত্ৰতা ভংগৰ সম্পৰ্কত ফুকনে কয় যে বিজেপি অসমত কোনো জাতিলাও গছ নহয় যে অগপৰ হেদালিত ব’গাব লাগিব। বিজেপিয়ে আগন্তক পঞ্চায়ত নিৰ্বাচন স্বতন্ত্ৰভাৱে খেলি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি ব্যক্ত কৰে ।

দেওঁবাৰে মাজুলীত উপস্থিত হোৱা বিধায়কজনে মাজুলীৰ বৰতানিৰ গাঁও নিবাসী সমাজকৰ্মী মহেন্দ্ৰ বৰাৰ স্বাস্থ্যৰ বুজ লয় । মহেন্দ্ৰ বৰা আজি দীৰ্ঘ দিনে বাৰ্ধক্যজনিত ৰোগত শয্যাশায়ী হৈ আছে । ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে উজনি অসমৰ বিভিন্ন স্থানৰ লগতে মাজুলী জিলাতো প্ৰাৰ্থীসকলে যোৱা ২০ নবেম্বৰৰ পৰা আনুষ্ঠানিকভাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কিন্তু নিৰ্বাচনক লৈ এতিয়ালৈকে ভোটাৰ ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা পোৱা হোৱা নাই।

আচলতে, কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজে আঘোণৰ পথাৰত ধান চপোৱাত ব্যস্ত থকাৰ বাবে পঞ্চায়ত নিৰ্বাচনলৈ পিঠি দিব লগা হৈছে। আনহাতে, ৰাসোৎসৱৰ বাবেও সেমেকি পৰিছে নিৰ্বাচনী বতাহ। ইতিমধ্যে,  মাজুলীৰ ২৯ টাকৈ পঞ্চায়তত কংগ্ৰেছ, বিজেপি আৰু অগপ দলে পঞ্চায়ত দখলৰ বাবে উঠি-পৰি লাগিছে।