বিশ্বনাথ চাৰিআলিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ পুত্তলিকা দাহ

IMG_20180831_111008-01

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাইজৰ মাজত বিতৰণ কৰা ভেজাল দৰৱৰ বিৰুদ্ধাচৰণ কৰি নানান  ধৰণৰ প্ৰতিবাদী  কাৰ্যসূচী গ্ৰহণ কৰি আহিছে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে |

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰসাদ নন্দাই  চৰকাৰৰ এটা নতুন আঁচনি (আয়ুস্মান) ৰূপায়ন কৰাৰ উদ্দেশ্যে অসমত আহিছে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে অসমৰ ৰাইজক গিনিপিগ সজাই ভেজাল দৰৱ খাবলৈ বাধ্য কৰাইছে বুলি অভিযোগ উত্থাপন কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ বিষয়ববীয়াসকলে।

সংগঠনটোৱে অভিযোগ কৰে যে আগন্তুক ২০১৯ ৰ লোকসভা  নিৰ্বাচনক চকুৰ আগত ৰাখি চৰকাৰে ‘আয়ুস্মান’ আঁচনি ৰূপায়ন কৰিবলৈ আহিছে।  অভিযোগ অনসৰি, স্বাস্থ্য বিভাগে  এনএইচ্চএমৰ জৰিয়তে বিনামূলীয়াকৈ বিতৰণ কৰা দৰৱ চৰকাৰী চিকিৎসকে ৰোগীক দিবলৈ ভয় কৰে আৰু সেয়েহে তেওঁলোকে বিনামূলীয়া দৰৱ ৰোগীক লিখি নিদিয়ে।

আজি বিশ্বনাথ চাৰিআলিৰ ট্ৰেফিক পইন্টত দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰসাদ নন্দাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

উক্ত কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ভাস্কৰ বৰুৱা, বিশ্বনাথ জিলাৰ সভাপতি সুশান্ত কিশোৰ শইকীয়া, সম্পাদক দিগন্ত শইকীয়া, সাংগঠনিক সম্পাদক অচুত কৃষ্ণ দাস আৰু কেইবাজনো সদস্য উপস্থিত থাকে।