NORTHEAST NOW (Assamese)

‘প্ৰথমে অসমৰ কাগজ কলকেইটা কাৰ্যক্ষম কৰক’ : দুৰ্নীতি বিৰোধী যুৱশক্তি অসম

May 14, 2020 12:15 pm · দীপজ্যোতি শৰ্মা
Updated: May 14, 2020 2:29 pm

দেশৰ প্ৰধানমন্ত্ৰীয়ে ক’ৰ’না ভাইৰাছৰ-পৰিপ্ৰেক্ষিতত বিধ্বংস হোৱা দেশৰ অৰ্থনীতিক পুনৰ তুলি ধৰিবলৈ ২০ লাখ কোটিৰ বিশেষ আত্মনিৰ্ভশীল পেকেজ ঘোষণা কৰিছে৷

দেশৰ লঘু, মধ্যম বৰ্গীয়, কুটীৰ উদ্যোগৰ লগতে ক্ষুদ্ৰ-ক্ষুদ্ৰ উদ্যোগ সমূহৰ উন্নয়ন আৰু কাৰ্যক্ষমত গুৰুত্ব আৰোপ কৰিছে।

থলুৱা ব্ৰেণ্ড সমূহক আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড হিচাপে লৈ যাবলৈ বদ্ধপৰিকৰ হৈছে।

প্ৰধানমন্ত্ৰী এই ঘোষণাক ভাল হৈছে বুলি কৈ এইদৰে অভিমত প্ৰকাশ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ৷

গগৈয়ে কয় “মহাশয় সকল, এই আপাহতে আমাৰ ৰাজ্যখনে কাছাৰ আৰু জাগীৰোডৰ কাগজ কল কেইটাৰ লগতে চেনীকল কেইটা আৰু ৰাজ্যত ধনৰ অভাৱত বন্ধ হৈ থকা উদ্যোগ সমূহ পুনৰ জীৱিতকৰণৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰোনে?”

“কৃষিক্ষেত্ৰত প্ৰগতিৰ বাবে কৃষকৰ সামগ্ৰীৰ লোকচান নোহোৱাকৈ থবলৈ প্ৰত্যেক জিলাতে শীতল গৃহৰ ব্যৱস্থা কৰি লব নোৱাৰি নে ?”  বুলিও প্ৰশ্ন কৰে সংগঠনোটৱে।

কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰশীল এই পেকেজৰ জৰিয়তে মধ্যভোগী দালাল, ঠিকাদাৰে যাতে সিংহভাগেই উদৰস্থ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় সভাপতিগৰাকীয়ে।

“যিকোনো ধৰণৰ আঁচনিৰ অনুমোদনৰ জৰিয়তে সৰ্ব প্ৰথমে কাগজ কল কেইটাৰ কাৰ্যক্ষম কৰক।” এই দাবী সংগঠনটোৰ।

বাকী ক্ষুদ্ৰ-মধ্যম আৰু বৃহৎ পৰিসৰৰ থলুৱা ব্যক্তিসকলৰ উদ্যোগ সমূহত চৰকাৰক পোনপতীয়াকৈ বিনিয়োগ কৰিবলৈ দাবী জনায়৷

“মনত ৰাখিব ৰাজ্যৰ সকলো উদ্যেগতেই এশ শতাংশ থলুৱা যুৱকৰ নিযুক্তি নিশ্চিত কৰিব লাগিব ৰাজ্য চৰকাৰে।” সংগঠনটোৰ স্পষ্ট মত।

প্ৰধানমন্ত্ৰীয়ে কোৱা “Local is Vocal”  এই বাক্য সাৰোগত কৰি স্থানীয় আৰু থলুৱাক দিব লাগে অধিক গুৰুত্ব দিয়াৰ আহ্বান সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ৷

Related News