গুৱাহাটীৰ কৃতি ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰিয়াই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% ৰ অধিক নম্বৰ পাই সকলো বিষয়তে লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিল।
এই মৰ্মান্তিক ঘটনাৰ বাবে চৰকাৰে উন্নয়নৰ নামত কৰি থকা অপৰিকল্পিত কামেই দায়ী বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। ইতিমধ্যে প্ৰিয়া কুমাৰীৰ মৃত্যুৰ বাবে পথৰ ওপৰত কৰা গাঁতেই কাৰণ বুলি জানিব পৰা গৈছে।
ৰাষ্টাৰে ৰয়েল গ্ল’বেল স্কুলৰ বাছখনৰ লগে লগে স্কুটীখনো গৈ আছিল৷ সেই ৰাষ্টাৰ মাজতে চৰকাৰী বিভাগে প্ৰকাণ্ড গাঁত এটা খান্দি থৈছে। সমগ্ৰ গুৱাহাটীতে পানীৰ পাইপ, গেছৰ পাইপ, বিদ্যুতৰ কেবল সংযোগ আদি কামৰ বাবদ যধেমধে ৰাষ্টা খন্দা হৈছে ৷ ৰাষ্টাত চৰকাৰী বিভাগে খান্দি থোৱা তেনে প্ৰকাণ্ড গাঁত অতিক্ৰম কৰিব লওতেই কৰুণ দুৰ্ঘটনাটো ঘটিল।
যোৱা ২৫ মে’ত পানীযোগান প্ৰকল্পৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুতো মানুহ আহত হৈছিল আৰু প্ৰচুৰ ধন সম্পত্তিৰো ক্ষতি হৈছিল। কিন্তু চৰকাৰ অথবা বিভাগে এই ঘটনাৰ পৰা কোনো শিক্ষা নল’লে।
গুৱাহাটীত পানী যোগান, বিদ্যুতৰ খুঁটা পোতা আদি কামৰ নামত সঘনাই ব্যস্ত পথৰ ওপৰত গাঁত খন্দাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। চৰকাৰৰ আৰু বিভিন্ন বিভাগৰ এই অপৰিকল্পিত কামৰ বাবে দল-সংগঠনৰ লগতে ৰাইজে চৰকাৰক অভিযোগ কৰি আহিছিল। কিন্তু দুখৰ বিষয় যে আজিলৈ চৰকাৰ অথবা বিভাগসমূহে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ পৰিণতিত মেধাবী ছাত্ৰী প্ৰিয়া কুমাৰীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। এই দোষৰ পৰা চৰকাৰে কোনো প্ৰকাৰেই নিজক মুক্ত কৰিব নোৱাৰে।
লগতে পঢ়ক: গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?
ডি ৱাই এফ আইয়ে দাবী কৰিছে চৰকাৰে অবিজ্ঞানসন্মত কাম বন্ধ কৰি জনতাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক। যি বিষয়া-কৰ্মচাৰীৰ অপৰিকল্পিত কামৰ বাবে প্ৰিয়া কুমাৰীৰ মৃত্যু হ’ল তেনে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰক আৰু প্ৰিয়াৰ দুৰ্ভগীয়া পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক।