চৰকাৰৰ নীতিহীন কাণ্ড! চাহ বাগিচাৰ হাইস্কুলত যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি দিয়ক: ডি ৱাই এফ আই

Representative-image-of-a-tea-garden-school.-570x320

প্রতিনিধিত্বমূলক ফটো।

অসম চৰকাৰে চাহ বাগিচা এলেকাত ৯৭ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ১৩ খন নতুন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আগন্তক শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফআই)ৰ অসম ৰাজ্যিক কমিটিয়ে আঁদৰণি জনাইছে যদিও ইয়াত নিযুক্তি দিয়া শিক্ষকৰ যোগ্যতাক লৈ প্রশ্ন উত্থাপন কৰিছে।

অভিযোগ উঠা অনুসৰি এই নতুন বিদ্যালয়সমূহত কোনো নতুন শিক্ষক নিযুক্তি দিয়া নাই। অন্য এল পি বা এম ই স্কুলত কৰ্মৰত একাংশ শিক্ষকক এই নতুন বিদ্যালয়লৈ স্থানান্তৰিত কৰিয়ে অসম চৰকাৰে শিক্ষাদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টোৰ দায়িত্ব সামৰিব বিচাৰিছে।

কেন্দ্ৰীয় শিক্ষা আইন অনুসৰি হাইস্কুলত শিক্ষকতা কৰিবলৈ হ’লে এজন প্ৰাৰ্থীৰ বিএ- বি এড ডিগ্ৰী থকাৰ উপৰি হাইস্কুল টে’ট উত্তীৰ্ণ হোৱাটো অতি প্রয়োজন কিন্তু টে’ট উত্তীৰ্ণতো দূৰৰে কথা বহু শিক্ষক স্নাতক ডিগ্ৰীধাৰীয়ে নহয়।

প্রাপ্ত খবৰ অনুসৰি অসম চৰকাৰে বদলি কৰি নিয়া বহু শিক্ষকৰ সৰ্বোচ্চ ডিগ্ৰী উচ্চতৰ মাধ্যমিক আৰু তেওঁলোকে কোনোবা প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। কেইবা শতাধিক হাইস্কুল টে’ট উত্তীৰ্ণ প্রাথীয়ে শিক্ষকতাৰ চাকৰি বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তে অসম চৰকাৰে বাগিচা এলেকাত এনে যোগ্যতাহীন শিক্ষকেৰে শিক্ষাদান কৰিবলৈ ওলোৱাটো অতি আশ্চৰ্যকৰ আৰু আইন বিৰুদ্ধ হিচাপে বিবেচিত হৈছে।

আনহাতে, অসম চৰকাৰৰ ‘মাছৰ তেলেৰে মাছ ভজা’ৰ দৰে নীতি লৈ এল পি স্কুলৰ শিক্ষকৰ দৰমহাৰে হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক চলাব বিচাৰিছে। চৰকাৰৰ ঘোষণা অনুসৰি ইতিমধ্যে এল পি-এম ই স্কুলৰ পৰা বদলি কৰা এম এ বা বি এ-বি এড ডিগ্ৰীধাৰী শিক্ষকসকলে হাইস্কুলৰ শিক্ষকৰ হাৰত দৰমহা বা অন্যান্য সা-সুবিধা নাপাব। তেওঁলোকে পূৰ্বে কৰি থকা এল পি বা এম ই স্কুলৰ শিক্ষকৰ মৰ্যদাৰে দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব।

এয়া অসম চৰকাৰৰ আইন বিৰোধী আৰু নীতিহীন পদক্ষেপ বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। ডি ৱাই এফ আইৰ স্পষ্ট দাবী হ’ল বাগিচা এলেকাত গুণগত শিক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে উপযুক্ত শিক্ষক নিযুক্তি দিয়ক আৰু অসম চৰকাৰৰ প্রবঞ্চনা বন্ধ কৰক।