‘জনতাক টেঁ‌টু চেপা দিয়া কৰ নীতিৰে গণতান্ত্ৰিক অধিকাৰো হৰণৰ চেষ্টা বিজেপি চৰকাৰৰ’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

ৰাজনৈতিক ৰেলী, সভা সমিতি, সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু অনুষ্ঠান, বাটৰ নাট আদি কৰি অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামতো কৰ সংগ্ৰহৰ বাবে অসম চৰকাৰে লোৱা সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে আৰু গণতান্ত্ৰিক অধিকাৰ হৰণ কৰা তথা জনতাক কেঁ‌কোৰা চেপা দিয়া এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

এয়া অতি গৰিহণাযোগ্য সিদ্ধান্ত। গুৰ, পিঠাগুৰি আদি সামগ্ৰীৰ ওপৰত কৰ বহুৱাৰ পাছত এতিয়া সাংস্কৃতিক অনুষ্ঠান, খেলা-ধূলা, বাটৰ নাট, থিয়েটাৰ প্ৰদৰ্শনৰ নামতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে “কৰ” বহুৱাব ওলাইছে।

লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

আনহাতে, চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ সমদল কৰাতো সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰ। তেনেস্থলত প্ৰতিবাদী সমদল, সমাৱেশৰ নামত কৰ ধাৰ্য কৰাৰ অৰ্থই হৈছে সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰৰ ওপৰত কৌশলী আক্ৰমণ।

জি এছ টি- টোল টেক্সকে আদি কৰি কৰ’ৰ বোজাত ভাৰাক্ৰান্ত জনতাৰ ওপৰত এতিয়া ৰং-তামচা, ফুৰ্তি কৰাৰ উপৰি গণতান্ত্ৰিক অধিকাৰৰ নামত কৰ সংগ্ৰহৰ নিপুণ কৌশল লৈছে। এয়া ৰাজ্যৰ ইতিহাসত আশ্চৰ্যকৰ ঘটনা।

লগতে পঢ়কঃ NEET: একাদশ-দ্বাদশ শ্ৰেণীত জীৱবিজ্ঞান অধ্যয়ন নকৰিলেও অৱতীৰ্ণ হ’ব পাৰিব NEET UG পৰীক্ষাত; জানি লওক নিয়ম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে আশ্চৰ্যকৰ কৰ নীতিৰ মাজেৰে ব্ৰিটিছ ৰাজৰ কৰ নীতিকো চেৰ পেলাব ওলাইছে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এই জঘন্য কৰ নীতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে।