ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ চৰ্তহীনভাৱে নিয়মীয়া কৰক – ডি ৱাই এফ আই

ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত ঠিকাভিত্তিক শিক্ষক সমাজে আহ্বান দিয়া আন্দোলন কাৰ্যসূচীলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে পূৰ্ণ সমৰ্থন জনাইছে আৰু শিক্ষকসকলৰ দাবীসমূহ চৰ্তহীনভাৱে পূৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

অহা ১০ জুলাইত ঠিকাভিত্তিক শিক্ষকসকলে নিজৰ দাবীৰ সমৰ্থনত অনশন কাৰ্যসূচী হাতত লৈছে। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীটো কেৱল কেইজনমান শিক্ষকৰ ব্যক্তিগত দাবী নহয়, ইয়াৰ লগত ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত আৰু বৃহত্তৰ শৈক্ষিক সমাজৰ ভবিষ্যত জড়িত হৈ আছে বুলি ডি ৱাই এফ আইয়ে মতপোষণ কৰিছে।

ৰাজ্যৰ শৈক্ষিক উন্নয়নত অগ্ৰণীয় ভূমিকা লৈ অহা ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰতি চৰকাৰে চৰম অন্যায় আৰু বঞ্চনা কৰি আহিছে। ৰাজ্যত ষ্টেটপুল আৰু ঠিকাভিত্তিক শিক্ষককে ধৰি ৪০ সহস্ৰাধিক শিক্ষকে সেৱা আগবঢ়াই আহিছে।

নিৰ্বাচনৰ আগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে- চৰকাৰ গঠন হ’লে প্ৰথম কেবিনেট বৈঠকতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত ল’ব। কিন্তু সেইজন ব্যক্তিয়ে আজি বিপৰীত স্থিতি গ্ৰহণ কৰি শিক্ষকসকলক চৰম প্ৰতাৰণা কৰাই নহয় পদে পদে অপমানিত কৰিছে। গুণোৎসৱৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ আজব সিদ্ধান্ত এইখন চৰকাৰে গ্ৰহণ কৰিছে।

অকল ইমানেই নহয় শিক্ষকসকলৰ প্ৰতি চৰকাৰখনে প্ৰতিদিনেই নিত্য নতুন নিৰ্দেশনা দি দমন কৰি ৰাখিব বিচাৰিছে। এয়া ৰাজ্যৰ শৈক্ষিক উন্নয়নৰ বাবে কোনোমতেই সুখবৰ নহয়। ডি ৱাই এফ আইয়ে চৰকাৰৰ এই শিক্ষা বিৰোধী, অগণতান্ত্ৰিক কৰ্মকাণ্ডক তীব্ৰ বিৰোধিতা কৰিছে আৰু নিজৰ প্ৰাপ্য তথা ৰাজ্যখনৰ শৈক্ষিক স্বাৰ্থত আগবাঢ়ি অহা শিক্ষক সমাজৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে।